ৰাজস্থান বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সামৰণি পৰিবলৈ মাজত মাত্র তিনিদিন বাকী থকা সময়তেই আজি সকলো দলৰ শীর্ষ নেতাই ৰাজ্যজুৰি প্ৰচাৰ চলাইছে। বিজেপিৰ শীর্ষ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আণ্টা, কোটা আৰু কৰৌলিৰ ৰাজহুৱা সভাত ভাষণ দিয়ে। প্রধানমন্ত্রীগৰাকীয়ে সন্ধিয়া জয়পুৰত এটা ৰোড শ্বতো অংশগ্রহণ কৰে। প্রায় ৪ কিলোমিটাৰ দীঘলীয়া এই ৰোড শ্ব'ৰ বাবে বিশেষ প্রস্তুতি চলোৱা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ধোদ, ফটেহপুৰ আৰু শ্ৰীদুংগৰগড়ত প্ৰচাৰ অভিযান চলায়। যোগী আদিত্যনাথ, হিমন্ত বিশ্ব শর্মা, শিৱৰাজ সিং চৌহান, স্মৃতি ইৰাণী, পীয়ুষ গোৱেল, বসুন্ধৰা ৰাজে, গজেন্দ্র সিং শ্বেখাৱট, অর্জুনৰাম মেঘৱালে বিভিন্ন স্থানত দলীয় প্রার্থীৰ হৈ প্ৰচাৰ অভিযান চলায়।
আনহাতে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে উদয়পুৰ, জাল'ৰ আৰু বাৰ্মাৰ জিলাৰ নিৰ্বাচনী সভাত ভাগ লয়। কংগ্রেছ নেতা তথা মুখ্যমন্ত্রী অশোক গেহলটে ৫খন জিলাৰ ৬খন ৰাজহুৱা সভাত অংশ লয়।