মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 12, 2024
9:02PM

ভাৰতৰ ইউ পি আই সেৱা শ্ৰীলংকা আৰু মৰিছাচত আৰম্ভ

@narendramodi
ভাৰতৰ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেছ সেৱা শ্ৰীলংকা আৰু মৰিচাচত আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰোনিল য়ুইক্রমাসিংহ আৰু মৰিচাৰ্চৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগনৌথৰ উপস্থিতিত দ্বীপ ৰাষ্ট্ৰকেইখনত ভাৰতীয় ইউ পি এ সেৱা আৰম্ভ হয়। উল্লেখযোগ্য যে মৰিচাৰ্চত ৰূপে কাৰ্ড সেৱাও আৰম্ভ কৰা হৈছে। এই উপলক্ষে ভাষণ দি শ্রীমোদীয়ে কয় যে, আজি ভাৰত মহাসাগৰ অঞ্চলৰ এই তিনিখন বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ বাবে এটা বিশেষ দিন। তেওঁ কয় যে, ঐতিহাসিক সম্পর্কক আধুনিক ডিজিটেল পদ্ধতিৰে সংযোগ কৰা হৈছে। প্ৰধানমন্ত্রীয়ে কয় যে, এয়া জনসাধাৰণৰ উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰমাণ। তেওঁ কয় যে, ফিনটেক সংযোগৰ জৰিয়তে কেৱল মাত্ৰ সীমা অতিক্ৰম কৰি লেনদেন কৰাই নহয় সংযোগ বিলাকো শক্তিশালী কৰা হ'ব। শ্রীমোদীয়ে কয় যে, ভাৰতৰ ইউ পি আইয়ে এতিয়া এটা নতুন দায়িত্ব পালন কৰিছে। তেওঁ আস্থা প্ৰকাশ কৰে যে, শ্রীলংকা আৰু মৰিচাচ এই ইউ পি আই সেৱাৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে, ডিজিটেল ৰাজহুৱা আন্তগাঠনি বিলাকে ভাৰতত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। তেওঁ কয় যে, সৰু সৰু গাঁৱৰ সৰু সৰু ব্যৱসায়ীসকলেও ডিজিটেল ব্যৱস্থাৰে পেমেণ্ট কৰিবলৈ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতবৰ্ষৰ নীতি হৈছে ওচৰ-চুবুৰীয়া প্ৰথম। তেওঁ কয় যে, ভাৰতৰ সামগ্রিক দৃষ্টিভংগী হৈছে SAGAR, ইয়াৰ অৰ্থ হৈছে Security and Growth for All in the Region। শ্রীমোদীয়ে কয় যে, ভাৰতে কেতিয়াও চুবুৰীয়া ৰাষ্ট্ৰসমূহক বাদ দি উন্নয়নৰ কথা চিন্তা নকৰে। তেওঁ কয় যে, কোৱিড মহামাৰীৰ সময়ত ক’উইন মঞ্চৰ জৰিয়তে ভাৰতে বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ অভিযান চলাইছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে স্বচ্ছতা বৃদ্ধি আৰু দূৰ্নীতি হ্ৰাস পোৱাৰ লগতে অর্থনীতিও অধিক সর্বাঙ্গীন হৈ পৰিছে। তেওঁ কয় যে জনসাধাৰণে এতিয়া চৰকাৰক বিশ্বাস কৰে। শ্ৰীলংকাৰ প্রধানমন্ত্ৰী ৰোনিল য়ুইক্রমাসিংহে কয় যে হাজাৰ হাজাৰ বছৰ ধৰি ভাৰত আৰু শ্ৰীলংকাৰ মাজত ধনৰ লেনদেন অব্যাহত আছে। তেওঁ কয় যে, শ্ৰীলংকাৰ সংগ্ৰহালয়সমূহত হাজাৰ বছৰৰো অধিক পুৰণি দক্ষিণ ভাৰতীয় মুদ্ৰা আছে। যিবোৰ বিভিন্ন গ্ৰাম্য অঞ্চলত পোৱা গৈছিলে। শ্রী য়ুইক্রমাসিংহে কয় যে, ইয়াৰ দ্বাৰা দক্ষিণ ভাৰতীয় বাণিজ্যিক নিগমসমূহ শ্রীলংকাৰ গ্ৰাম্য অঞ্চলত যে অধিক সক্ৰিয় আছিল, তাৰেই প্ৰমাণ পোৱা যায়। তেওঁ কয় যে, আজিৰ এই পদক্ষেপে কেৱল প্ৰযুক্তিগতভাৱে উন্নীতকৰণহে কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাম মন্দিৰ মুকলি কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰে।
অনুষ্ঠানত ভাষণ দি মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ
জগনৌথে কয় যে, ভাৰত আৰু মৰিচাচৰ মাজত শতিকাজোৰা এক শক্তিশালী সাংস্কৃতিক আৰু বাণিজ্যিক সম্পর্ক আছে। তেওঁ কয় যে, এই সম্পর্কত আজি আৰু এটা মাত্ৰা সংযোজন কৰা হৈছে। শ্ৰীজগনৌথে ঘোষণা কৰে যে, ৰূপে কাৰ্ডখন মৰিচাৰ্চত ৰাষ্ট্ৰীয় পেমেণ্ট পদ্ধতিৰ সৈতে যুটীয়াভাৱে ব্ৰেণ্ডিং কৰা হৈছে। তেঁও কয় যে, ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত জি-টুৱেন্টি বৈঠকৰ অন্যতম উল্লেখযোগ্য দিশ আছিল ডিজিটেল সেৱা আৰু ডিজিটেল ৰাজহুৱা আন্তগাঠনিৰ সুবিধা উন্নত কৰাৰ প্ৰতিশ্ৰুতি ।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1