মুখ্য বাতৰি
জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন            ৰাজ্যৰ ১৯ খন জিলাত কাইলৈৰপৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক অভিযান            ৩৫০ কোটি টকা ব্যয়ৰে অসম ৰাজ্যিক চিৰিয়াখানাক দেশৰ ভিতৰতে আটকধুনীয়াকৈ গঢ়ি তোলাৰ লক্ষ্যঃ মুখ্যমন্ত্রী ড০ শৰ্মা            চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৭ শতাংশঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী            শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশে যে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ আঁচনিসমূহক বিশ্বাস কৰে, তাকেই প্ৰমাণ কৰিছেঃ প্রধানমন্ত্ৰী মোদী           

Nov 21, 2023
6:53PM

তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

AIR Pics

তেলেংগানাত ৩০ নৱেম্বৰত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণৰ বাবে নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। প্ৰায় সকলো দলৰ শীর্ষ নেতাই নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযানত অংশগ্রহণ কৰিছে। প্রতিটো সমষ্টিতে নির্বাচনী প্ৰচাৰ তুংগত উঠিছে। শাসনাধিষ্ঠিত বি আৰ এছৰ মুৰব্বী তথা মুখ্যমন্ত্রী কে চন্দ্ৰশেখৰ ৰাবে বিগত এমাহত প্রায় ৭০ খন ৰাজহুৱা সভাত অংশগ্রহণ কৰিছে। বিজেপি আৰু কংগ্ৰেছৰ শীর্ষ নেতাসকলেও ৰাজ্যখনৰ চুকে-কোণে প্ৰচাৰত অংশ লৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চলিত সপ্তাহতে হায়দৰাবাদ আৰু আন কেইবাখনো ঠাইত গণসভাত ভাগ লয়। কেন্দ্রীয় মন্ত্রী পীয়ুষ গোৱেল আৰু নির্মলা সীতাৰমণৰ লগতে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নাবিছে দলৰ অন্যান্য শীর্ষ নেতাসকলৰ সৈতে আজি ৰাজ্যখনত প্ৰচাৰ চলায়। মুখ্যমন্ত্রী কে চন্দ্ৰশেখৰ বাবে মাধিড়া, বাইড়া, দড়নাকাল আৰু সূর্যপেটত আজি ৰাজহুৱা সভাত ভাষণ দিয়ে। আনহাতে তেওঁৰ পুত্ৰ তথা বি আৰ এছৰ কার্যকৰী সভাপতিয়ে ডুবাকা, ছেকেন্দ্রাবাদ আৰু হায়দাবাদৰ ছানাটনগৰত ৰোড শ্ব'ত অংশগ্রহণ কৰে। কংগ্রেছৰ হৈ আজি কৰ্ণাটকৰ একাংশ মন্ত্রীয়ে প্ৰচাৰত ভাগ লয়।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1