মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 12, 2024
9:15PM

চলিত বিত্তীয় বৰ্ষৰ বাজেটক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ আদৰণি

AIR

আজি বিধানসভাত দাখিল কৰা চলিত বিত্তীয় বৰ্ষৰ বাজেটক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আদৰণি জনায়। এটা বিবৃতিত শ্রী কলিতাই এই বাজেটখন এখন সামগ্রিকভাৱে উন্নয়নকামী তথা জনমুখী আৰু আন্তঃগাঁথনিমূলক বাজেট বুলি মন্তব্য কৰে। তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, অসম মালা আদি আঁচনিৰ জৰিয়তে পথ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে বাজেটত কেইবাহাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে। শ্ৰী কলিতাই অসমবাসীক এখন গতিশীল বাজেট দিয়াৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্ত মন্ত্রী অজন্তা নেওগক ধন্যবাদ জ্ঞাপন কৰে ।

আজি সদনত দাখিল হোৱা বাজেট প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অমৃত কালত দেশক বিকশিত ভাৰতলৈ ৰূপান্তৰ সাধনৰ লক্ষ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। তেওঁ অসমক দেশৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হিচাপে পৰিগণিত কৰাত সহায় কৰিবলগীয়া এখন সৰ্বাংগ সুন্দৰ বাজেট দাখিল কৰাৰ বাবে বিত্ত মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্রীয়ে কয় যে, এই বাজেটত নিয়োগৰ সুবিধা সৃষ্টিৰ দ্বাবা বহনক্ষম উন্নয়নৰ বাস্তৱসন্মত পথব নির্দেশনা দিয়া হৈছে। অসমে ২০২৪-২৫ বিত্তীয় বৰ্ষত মূলধনী ব্যয় ঐতিহাসিকভাৱে বৃদ্ধি কৰি ২০ হাজাৰ কোটি টকা কৰাৰ বাবে লক্ষ্য লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে, এই বাজেটে মহিলা সৱলীকৰণ, পথ আন্তঃগাঁথনি উন্নয়ন, সেউজ অসম নির্মাণ, চাহ জনগোষ্ঠীৰ বাবে উন্নয়নমূলক আঁচনি আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে পদক্ষেপ লৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1