মুখ্য বাতৰি
জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন            ৰাজ্যৰ ১৯ খন জিলাত কাইলৈৰপৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক অভিযান            ৩৫০ কোটি টকা ব্যয়ৰে অসম ৰাজ্যিক চিৰিয়াখানাক দেশৰ ভিতৰতে আটকধুনীয়াকৈ গঢ়ি তোলাৰ লক্ষ্যঃ মুখ্যমন্ত্রী ড০ শৰ্মা            চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৭ শতাংশঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী            শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশে যে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ আঁচনিসমূহক বিশ্বাস কৰে, তাকেই প্ৰমাণ কৰিছেঃ প্রধানমন্ত্ৰী মোদী           

Nov 20, 2023
8:41PM

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সামূহিক অনাতাঁৰ সেৱা জ্ঞান তৰংগৰ এয়োদশ বর্ষপূর্তিৰ আয়োজন

AIR

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সামূহিক অনাতাঁৰ সেৱা জ্ঞান তৰংগৰ এয়োদশ বর্ষপূর্তি অনুষ্ঠান আজি বিশ্ববিদ্যালয়খনৰ বৈদ্যুতিন মাধ্যম প্রযোজনা কেন্দ্ৰৰ উদ্যোগত খানাপাৰাত থকা বিশ্ববিদ্যালয়খনৰ মহানগৰ চৌহদত অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ প্ৰচাৰ ভাৰতীৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্রধান আশীষ ভাটনাগাৰে কয় যে, সমূহীয়া অনাতাঁৰ ব্যবস্থা আৰু মুক্ত বিশ্ববিদ্যালয়ৰ গভীৰ সামঞ্জস্য আছে। তেওঁ কয় যে, উত্তৰ-পূর্বাঞ্চল ভাষিক বৈচিত্র্যৰে সমৃদ্ধ হোৱা হেতুকে শিক্ষানুষ্ঠানসমূহে স্থানীয় ভাষাত সামূহিক ৰেডিঅ ষ্টেচন মুকলি কৰিলে জনসাধাৰণে এই অনুষ্ঠানৰ সৈতে অধিক একাত্ম অনুভৱ কৰিব। অনুষ্ঠানত অংশ লৈ জ্ঞান তৰংগৰ কেন্দ্র সঞ্চালক তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রক ৬০ ভবৰঞ্জন শর্মাই সমাজৰ সামূহিক বিকাশ সাধনত ৰেডিঅ'ৰ ভূমিকা সম্পর্কে ব্যাখ্যা কৰে। উল্লেখযোগ্য যে ২০১০ চনত স্থাপন হোৱা জ্ঞান-তৰংগ সামুহিক ৰেডিঅ' সেৱাই সমূহীয়া উদ্দেশ্য আগত ৰাখি অনুষ্ঠান প্ৰচাৰ কৰি আহিছে।


লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1