আকাশবাণীৰ দ্বিভাষিক লাইভ ফোন ইন অনুষ্ঠান পাৱলিক স্পিকত আজি নিশা চাৰে ন বজাত আয়ুষ্মান ভাৰত সকলোৰে বাবে সুলভ স্বাস্থ্য সেৱা শীর্ষক এটি আলোচনা আগবঢ়োৱা হব। ইয়াত অংশগ্রহণ কৰিব ৰাষ্ট্রীয় স্বাস্থ্য প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া ডাঃ বসন্ত গার্গে। অনুষ্ঠান চলি থকাৰ সময়ত শ্রোতাসকলে বিশেষজ্ঞ ব্যক্তিগৰাকীক আয়স্নান ভাৰত আন যিকোনো এই সম্পর্কীয় প্রশ্ন সুধিব পাৰিব। অংশগ্রহণ কৰিবলৈ আগ্রহী শ্রোতাসকলে ০১১-২৩৩১৪৪৪৪ আৰু ০১১-২৩৭১৭১০৬ এই নম্বৰত নিশা চাৰে ন বজাৰ পৰা ফোন কৰিব পাৰিব।
আনহাতে, শ্রোতাসকলে ৯২৮৯০৯৪০৪৪ নম্বৰত ৱাটছএপ যোগেও তেওঁলোকৰ প্রশ্নসমূহ পঠিয়াব পাৰে। অনুষ্ঠানটো আকাশবাণী গল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুৱেন্সিসমূহতো শুনিবলৈ পোৱা যাব। ইয়াৰ উপৰি অনুষ্ঠানটো আমাৰ ৱেবছাইট newson air.gov.in আৰু Youtube চেনেল News on air Official তো উপলব্ধ হ'ব।