মুখ্য বাতৰি
জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন            ৰাজ্যৰ ১৯ খন জিলাত কাইলৈৰপৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক অভিযান            ৩৫০ কোটি টকা ব্যয়ৰে অসম ৰাজ্যিক চিৰিয়াখানাক দেশৰ ভিতৰতে আটকধুনীয়াকৈ গঢ়ি তোলাৰ লক্ষ্যঃ মুখ্যমন্ত্রী ড০ শৰ্মা            চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৭ শতাংশঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী            শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশে যে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ আঁচনিসমূহক বিশ্বাস কৰে, তাকেই প্ৰমাণ কৰিছেঃ প্রধানমন্ত্ৰী মোদী           

Nov 15, 2023
9:03PM

আই চি চি এদিনীয়া বিশ্বকাপৰ প্রথমখন ছেমি ফাইনেলত নিউজিলেণ্ডক জয়ৰ বাবে ৩৯৮ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ ভাৰতৰ

cricketworldcup
ভাৰতে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্রথমখন ছেমি ফাইনেলত নিউজিলেণ্ডক জয়ৰ বাবে ৩৯৮ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্রত্যুত্তৰত নিউজিলেণ্ডে আমালৈ এই বাতৰি অহাৰ পৰলৈ ১০ অভাৰত ২ টা উইকেট হেৰুৱাই ৪৭ ৰাণ সংগ্ৰহ কৰি খেলি আছিল। ভাৰতৰ হৈ শ্বামীয়ে দুয়োটা উইকেট লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত ৪ টা উইকেট হেৰুৱাই ৩৯৭ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ বিৰাট কোহলীয়ে সৰ্বাধিক ১১৭ ৰাণ কৰাৰ বিপৰীতে শ্ৰেয়াচ আয়াৰে ১০৫ ৰাণ আৰু শুভমন গীলে ৮০ ৰাণৰ বৰঙণি আগবঢ়ায়। বিৰাট কোহলীয়ে আজিৰ শতকেৰে শচীন তেণ্ডুলকাৰক চেৰ পেলাই এদিনীয়াত সৰ্বাধিক শতক অৰ্জন কৰাৰ কৃতিত্ব অৰ্জন কৰে। খেলুৱৈগৰাকীয়ে বৰ্তমানলৈকে ৫০ টা শতক সম্পূৰ্ণ কৰিছে। শ্রেয়াছ আয়াৰেও আজিৰ প্ৰদৰ্শনৰ সুবাদত বিশ্বকাপ ছেমিফাইনেলত দ্রুততম শতক অৰ্জনৰ অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। প্ৰতিযোগিতাত কাইলৈ কোলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত দক্ষিণ আফ্রিকা-অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1