মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 12, 2024
8:58PM

অহা ২০ ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জম্মু-কাশ্মীৰ ভ্ৰমণ

File Pic
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰ ভ্ৰমণ কৰি জম্মুত ৰাজহুৱা সভাত ভাষণ দিয়াৰ লগতে সমগ্ৰ অঞ্চলটোত বহু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি জম্মুত ৰাজহুৱা সভাত ভাষণ দিয়াৰ উপৰি প্রধানমন্ত্রীয়ে একাধিক উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব। এই প্রকল্পসমূহৰ ভিতৰত আছে চাম্বা জিলাৰ বিজয়পুৰত সৰ্বভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠান, ৰিয়াচি জিলাৰ সৰ্ববৃহৎ ৰেলৱে দলং যাৰ দ্বাৰা এই বছৰৰ ভিতৰত কাশ্মীৰ উপত্যকাক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা যাব। ইয়াৰে উপৰি শ্ৰীমোদীয়ে উধমপুৰৰ দেৱিকা পুনৰুজ্জীৱিতকৰণ প্রকল্প, কাথুৱা জিলাৰ আই আই এম জম্মু আৰু শ্বাহপুৰ কাণ্ডিবান্ধ প্রকল্পও উদ্বোধন কৰিব। কাশ্মীৰক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰিবলৈ ৰেল প্ৰকল্প চলি থকাৰ সময়তে বানিহালৰ পৰা খাৰীলৈ এই সেৱা সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হৈছে, যাৰ ফলত কাশ্মীৰ আৰু জম্মুৰ মাজৰ ৰেলপথৰ দূৰত্ব আৰু অধিক হ্ৰাস পাব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1