মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 06, 2024
8:58PM

অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা অসমৰ লগতে উত্তৰ-পূবৰ ৭ খন ৰাজ্যত অনুষ্ঠিত হ'ব চতুর্থ খেলো ইণ্ডিয়া

File Photo
অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা অসমৰ লগতে উত্তৰ-পূবৰ ৭ খন ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া চতুর্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ প্ৰতীক, শুভংকৰ, শিখা, জাৰ্চি আৰু থীম ছং পৰহিলৈ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। গুৱাহাটীত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় ক্রীড়া ৰাজ্যিক মন্ত্রী নীতিশ প্রামাণিক উপস্থিত থাকিব। আনহাতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাইও এই অনুষ্ঠানত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে মণিপুৰক বাদ দি উত্তৰ-পূবৰ বাকী ৭খন ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ বাবে ব্যাপক প্রস্তুতি চলিছে। এইবাৰৰ বিশ্ববিদ্যালয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত দেশৰ প্ৰায় ২০০ খন বিশ্ববিদ্যালয়ৰ ৪ হাজাৰৰো অধিক খেলুৱৈয়ে মুঠ ২০ বিধ খেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। গুৱাহাটীত ১৫ বিধ খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে উত্তৰ-পূবৰ অন্য ৰাজ্যত এবিধকৈ খেল অনুষ্ঠিত হ'ব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1