মুখ্য বাতৰি
জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন            ৰাজ্যৰ ১৯ খন জিলাত কাইলৈৰপৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক অভিযান            ৩৫০ কোটি টকা ব্যয়ৰে অসম ৰাজ্যিক চিৰিয়াখানাক দেশৰ ভিতৰতে আটকধুনীয়াকৈ গঢ়ি তোলাৰ লক্ষ্যঃ মুখ্যমন্ত্রী ড০ শৰ্মা            চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৭ শতাংশঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী            শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশে যে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ আঁচনিসমূহক বিশ্বাস কৰে, তাকেই প্ৰমাণ কৰিছেঃ প্রধানমন্ত্ৰী মোদী           

Nov 19, 2023
9:55PM

অষ্ট্ৰেলিয়াই ভাৰতক ৭ উইকেট পৰাস্ত কৰি আই চি চি বিশ্বকাপ ক্রিকেটৰ চেম্পিয়ন

ICC
আই চি চি বিশ্বকাপ ক্রিকেটৰ ফাইনেলত ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৭ উইকেট পৰাজিত হৈছে। ভাৰতে আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত অষ্ট্ৰেলিয়াক জয়ৰ বাবে ২৪১ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। খেলখনত টছত জিকি অষ্ট্ৰেলিয়াই প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৪০ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ৪৩ অভাৰত ৪ উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনীত হয়।
ইফালে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিলৈ চাই কটকটীয়া সুৰক্ষা ব্যৱস্থা কৰা হৈছে। ষ্টেডিয়ামৰ ভিতৰ আৰু বাহিৰত ৩ তৰপীয়া সুৰক্ষা ব্যৱস্থা কৰা হয় আৰু এটা নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে। আহমেদাবাদৰ আৰক্ষী আয়ুক্ত জি এছ মালিকে এখন সংবাদমেলত কয় যে, ষ্টেডিয়ামত ৬ হাজাৰতকৈ অধিক আৰক্ষী কৰ্মী, ড্রোন, আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী তথা দ্রুত কার্যবাহিনীৰ দল নিয়োগ কৰা হৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1