মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 12, 2024
9:11PM

আজিৰে পৰা চলিত বছৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰম্ভ

@Ranoj_Pegu
চলিত বছৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আজি আৰম্ভ হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ শিক্ষার্থীলৈ শুভেচ্ছা জ্ঞাপন কৰি দিয়া এটা বাৰ্তাত কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই তেওঁলোকক সফলতাৰ বাট দেখুৱাব বুলি আশা প্রকাশ কৰে। উল্লেখযোগ্য যে এইবাৰৰ পৰীক্ষাত মুঠ ২লাখ ৮০হাজাৰ ২১৬গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। ইয়াৰে কলা শাখাত লাখ ছহেজাৰ ৪৬৭, বিজ্ঞান শাখাত ৫৫হাজাৰ ২৮৭, বাণিজ্য শাখাত ১৭হাজাৰ ৫৮২ আৰু বৃত্তিমুখী শাখাত ৮৮০গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠাকুৰে প্ৰকাশ কৰা মতে এইবাৰ ৮৭৭টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছে আৰু ৬১ টা মূল্যায়ন মণ্ডলত বহীসমূহ পৰীক্ষা কৰা হ'ব। আজি আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু ১৬ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰতিখন জিলাতে পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰসমূহৰ আশে-পাশে প্রশাসনে ১৪৪ ধাবা জাৰি কৰি বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছে। অহা ১৩ মাৰ্চত এই পৰীক্ষা অন্ত পৰিব ।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1