মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 12, 2024
7:12PM

বিধানসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট দাখিল বিত্ত মন্ত্রী অজন্তা নেওগৰ

@himantabiswa
বিত্ত মন্ত্রী অজন্তা নেওগে আজি বিধানসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। এই বাজেটত কন্যা- শিশু আৰু মহিলা সৱলীকৰণ, যুৱক-যুৱতীৰ দক্ষতা বিকাশ আৰু অমৃত কালৰ প্ৰত্যাশা পূৰণৰ লক্ষ্যৰে কেইবাটাও উন্নয়নমূলক প্ৰস্তাৱ দিয়া হৈছে। এই বাজেটত ১০ লাখ কন্যা-শিশুৰ উচ্চ শিক্ষাত সহায় হোৱাকৈ ২৪০ কোটি টকা আৱণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। ইপিনে অৰুণোদয় দ্বিতীয় পৰ্যায় আঁচনিৰ অধীনত দিব্যাংগ, ৰূপান্তৰকামী আৰু অন্যান্য সকলক সামৰি লোৱাৰ বাবে ৩,৮০০ কোটি টকা আৱণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। এই আঁচনিৰ অধীনত আঢ়ৈ লাখ অতিৰিক্ত হিতাধিকাৰী অন্তৰ্ভুক্ত কৰি ৰাজ্যৰ ৩০ লাখতকৈ অধিক পৰিয়াললৈ অৰুণোদয় আঁচনিৰ সুবিধা সম্প্ৰসাৰিত কৰা হ'ব। অসম মাইক্ৰ'ফাইনেন্স উদগণি আৰু সকাহ আঁচনিৰ অধীনত ১২ লাখ ঋণগ্রস্ত মহিলাক ঋণৰ পৰা মুক্ত কৰাৰ বাবে ৫৫০ কোটি টকা আৰু ৰাজ্যখনত উদ্যমিতা বিকাশৰ বাবে আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ১ লাখ যুৱক- যুৱতীক সহায় কৰিব পৰাকৈ এহাজাৰ ১০ কোটি টকা আৱণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ ৩৯,৬৭,৭৪৩ গৰাকী সদস্যালৈ ১০ হাজাৰ টকাকৈ উদ্যোগ পুঁজি আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছে। নগৰাঞ্চলতো এই অভিযানৰ অধীনত আঢ়ৈ লাখ আত্মসহায়ক গোটৰ সদস্যক বাজেটত সামৰি লোৱাৰ কথা উল্লেখ কৰা হৈছে। অসমত অমৃত কালৰ ধ্বজাবাহী প্রকল্প নিৰ্মাণ আৰু অসম মালা ২.০ৰ অধীনত পথ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে প্ৰস্তাৱ দিয়াৰ লগতে চাহ বাগিচা সম্প্ৰদায়ৰ কল্যাণৰ বাবেও বাজেটত প্ৰস্তাৱ ৰখা হৈছে। অমৃত কালৰ প্ৰকল্পৰ অধীনত ৩ হাজাৰ ২৫০ কোটি টকা ব্যয়ৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পুনৰ বিকাশ, ৮৩২ কোটি টকা ব্যয়ৰে নেহৰু ষ্টেডিয়ামক বিশ্বমানৰ ক্ৰীড়া ক্ষেত্ৰলৈ উন্নীতকৰণ, ৮৮৬ কোটি টকাৰে কাজিৰঙা প্ৰাকৃতিক ইতিহাস সংগ্রহালয় স্থাপন, গহপুৰত কনকলতা বিশ্ববিদ্যালয়ৰ বাবে ৫৫৪ কোটি টকা, অসম ৰাজ্যিক চিৰিয়াখানা আধুনিকীকৰণৰ বাবে ৩১১ কোটি টকা আৰু মা কামাখ্যা দিব্যলোক পৰিযোজনাৰ বাবে ৪৯৮ কোটি টকা প্ৰকল্পৰ ব্যয় ধাৰ্য কৰা হৈছে। সেউজ অসম নিৰ্মাণৰ লক্ষ্যৰে অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৩ কোটি গছপুলি ৰোপন আৰু সকলো নতুন ব্যক্তিগত আৰু ৰাজহুৱা ভৱনত বাধ্যতামূলকভাৱে ৰুফ টপ ছ'লাৰ সংস্থাপনৰ বাবে প্ৰস্তাৱ দিয়া হৈছে। পূণ্য তীৰ্থ যোজনাৰ অধীনত ২৫ হাজাৰ যাত্ৰীক ৰাম মন্দিৰ দৰ্শন কৰিবলৈ বাজেটত ২৫ কোটি টকা ধাৰ্য কৰা হৈছে। আজি উত্থাপিত বাজেটত ক্রীড়া খণ্ডৰ বিকাশৰ বাবে কেইবাটাও প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ অধীনত প্ৰতিটো বিধানসভা সমষ্টিত এটাকৈ যুৱ ক্লাবলৈ ক্ৰীড়া সা-সঁজুলি ক্ৰয়ৰ বাবে ১৫ লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। আৰক্ষী, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বসবাসৰ সুব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে অনাগত ৫ বছৰত ১০০০ বৰ্গ ফুটৰ দুটাকৈ শোৱনি কোঠাযুক্ত ১০ হাজাৰ নতুন গৃহ নিৰ্মাণৰ প্ৰস্তাৱো আজি বাজেটত দিয়া হৈছে। শিশুসকলৰ কল্যাণৰ বাবে এই বছৰত এহাজাৰ ২৫০ কোটি টকা ব্যয়ৰে পুনৰ ৫ হাজাৰটা আদর্শ অংগনবাড়ী নিৰ্মাণৰ প্ৰস্তাৱো বাজেটত দিয়া হৈছে। তদুপৰি কণী, গাখীৰ আৰু মাছ উৎপাদনত ৰাজ্যখনৰ আত্মনিৰ্ভৰশীলতাৰ বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ বাজেটত ২৫ কোটি টকা ধাৰ্য কৰা হৈছে। অসম আৰক্ষীত অগ্নিবীৰ সকলৰ বাবে ১০ শতাংশ পদ সংৰক্ষণৰ প্ৰস্তাৱ আজি বাজেটত দিয়া হৈছে। আজি বাজেটত প্ৰস্তাৱিত আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ অনুসৰি যিসমূহ পৰিয়ালত চৰকাৰী বা ৰাজহুৱা খণ্ডৰ এজনো চাকৰিয়াল নাই তেনে প্ৰাৰ্থীয়ে নিযুক্তি পৰীক্ষাত লাভ কৰা নম্বৰৰ সৈতে অতিৰিক্ত ৫ শতাংশ নম্বৰ লাভ কৰিব। ইয়াৰ বাবে চলিত বছৰতে নতুন বিধেয়ক উত্থাপনৰো প্ৰস্তাৱ দিয়া হৈছে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1