মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 12, 2024
7:04PM

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা এতিয়াও প্ৰকাশ হোৱা নাই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

@himantabiswa
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী-এ -এন আৰ চিৰ চূড়ান্ত তালিকা এতিয়াও প্ৰকাশ হোৱা নাই। তেওঁ কয় যে, নাগৰিক পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ অধিনিয়ম ২০২৩ অনুসৰি চূড়ান্ত তালিকা প্রকাশৰ অধিকাৰ ভাৰতৰ মহা পঞ্জীয়কৰ হাতত ন্যস্ত আছে। বিধানসভাত আজি এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, এন আৰ চিৰ সত্যাসত্য নিৰূপণৰ বাবে অসম চৰকাৰে কোনো ধৰণৰ শপতনাপা দাখিল কৰা নাই । প্রায় ২৭ লাখ লোকৰ আধাৰ কাৰ্ড বন্ধ কৰি ৰখাৰ বিষয়টো সন্দৰ্ভত ড০ শৰ্মাই কয় যে, বিষয়টো কেন্দ্ৰৰ দৃষ্টিগোচৰ কৰা হৈছে আৰু এই সন্দৰ্ভত শীঘ্ৰেই সঠিক সমাধান লাভ কৰাৰ আশা আছে। চৰকাৰে অতি শীঘ্ৰেই এই বিষয়টোৰ সমাধানৰ প্ৰয়াস কৰি আছে বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যখনত প্ৰায় ৯৭ হাজাৰ সন্দেহযুক্ত ভোটদাতা আছে বুলিও তেওঁ লগতে উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই বুলিও প্ৰকাশ কৰে যে, ১৯৯৭ ৰ পৰা ২০২৩ পর্যন্ত ৮৯ হাজাৰ সন্দেহযুক্ত ভোটদাতাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1