মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 12, 2024
6:56PM

ৰোজগাৰ মেলাৰ অধীনত ১ লাখৰো অধিক নৱ-নিযুক্ত প্রার্থীক নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰীৰ

@narendramodi
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ কৰি তুলিছে। তেওঁ কয় যে, চৰকাৰে নিৰ্ধাৰিত সময়ৰ ভিতৰতেই নিযুক্তি প্রক্রিয়া সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়াস কৰি আছে, যাতে সকলোৱে নিজৰ নিজৰ যোগ্যতাসমূহ প্ৰদৰ্শনৰ সমান সুযোগ লাভ কৰিব পাৰে। ৰোজগাৰ মেলাৰ অধীনত আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ১ লাখৰো অধিক নৱ-নিযুক্ত প্রার্থীক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে আজিৰ প্ৰতিগৰাকী যুৱক-যুৱতীয়ে এই কথা জানে যে কঠোৰ পৰিশ্ৰম কৰিলে তেওঁলোকে নিজৰ স্থান প্রতিষ্ঠা কৰিব পাৰে। শ্ৰী মোদীয়ে কয় যে, তেওঁৰ চৰকাৰে ১০ বছৰত পূৰ্বৰ চৰকাৰৰ ১০ বছৰ সময়ছোৱাৰ তুলনাত ডেৰ গুণ অধিক চৰকাৰী নিযুক্তি প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতৰ ৰেল ব্যৱস্থা বৰ্তমান বৃহৎ সংস্কাৰৰ দিশে আগবাঢ়িছে। চলিত শতিকাৰ শেষলৈ ভাৰতীয় ৰে'লৱেৰ সম্পূৰ্ণৰূপে সংস্কাৰ সাধন হ'ব বুলি তেওঁ লগতে প্ৰকাশ কৰে। তেওঁ কয় যে, উন্নত যোগাযোগ ব্যৱস্থাই অৰ্থনীতিৰ সামগ্রিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়ে, নতুন ব্যৱসায় আৰু পৰ্যটনৰ বিকাশত সহায় কৰে বুলিও তেওঁ লগতে মন্তব্য কৰে।
শ্রী মোদীয়ে কয় যে, বর্তমান সময়ত ভাৰতবৰ্ষ হৈছে বিশ্বৰ তৃতীয় সর্ববৃহৎ ষ্টাৰ্ট আপ পৰিৱেশ তন্ত্ৰ। তেওঁ কয় যে, দেশত বর্তমান প্রায় ১ লাখ ২৫ হাজাৰটা ষ্টাৰ্ট আপ আছে আৰু এই ষ্টাৰ্ট আপসমূহে যুৱক-যুৱতীসকলৰ বাবে ভালেমান নিয়োগৰ সুযোগ সৃষ্টি কৰিছে।
প্রধানমন্ত্রীয়ে কয় যে, বিকশিত ভাৰত সংকল্প যাত্ৰাত প্ৰতিগৰাকী চৰকাৰী বিষয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু আজি নিযুক্তি পত্ৰ লাভ কৰা ১ লাখ প্রার্থীয়ে এই যাত্ৰাত নতুন শক্তি প্ৰদান কৰিব। তেওঁলোকে যি বিভাগতেই যোগদান নকৰক কিয়, তেওঁলোকৰ সকলো প্ৰচেষ্টা ৰাষ্ট্ৰ নিৰ্মাণৰ হকে উৎসর্গীকৃত হ'ব বুলিও তেওঁ কয়। তেওঁলোকৰ দক্ষতা বিকাশৰ বাবে চৰকাৰে কৰ্মযোগী ভাৰত প'ৰ্টেল মুকলি কৰিছে বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে।
এই উপলক্ষে প্রধানমন্ত্রীয়ে নতুন দিল্লীৰ কৰ্মযোগী
ভৱনৰ সংহত চৌহদৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলাও স্থাপন কৰে। উল্লেখযোগ্য
যে, আজি দেশৰ ৪৭টা বিভিন্ন স্থানত ৰোজগাৰ মেলা অনুষ্ঠিত হয়।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1