মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 11, 2024
9:02PM

ৰাষ্ট্ৰপতি ভৱনত নিয়োজিত আর্মী গার্ড বেটেলিয়নৰ ক্ষমতা শিখ ৰেজিমেণ্টৰ ষষ্ঠ বেটেলিয়নৰ পৰা পঞ্চম গোৰ্খা ৰাইফলছৰ প্ৰথম বেটেলিয়নলৈ হস্তান্তৰ

newsonair
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত নিয়োজিত আর্মী গার্ড বেটেলিয়নৰ ক্ষমতা হস্তান্তৰ প্রত্যক্ষ কৰে। আনুষ্ঠানিক আর্মী গার্ড বেটেলিয়ন হিচাপে শিখ ৰেজিমেণ্টৰ ষষ্ঠ বেটেলিয়নৰ কাৰ্যকাল শেষ হোৱাৰ লগে লগে পঞ্চম গোৰ্খা ৰাইফলছৰ প্ৰথম বেটেলিয়নক ক্ষমতা হস্তান্তৰ কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰসংগত শ্ৰীমতী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত সম্পূৰ্ণ নিষ্ঠাৰে কৰ্তব্য পালন কৰা তথা সামৰিক পৰম্পৰাৰ সর্বোৎকৃষ্ট মান অনুসৰণ কৰাৰ বাবে শিখ ৰেজিমেণ্টৰ ষষ্ঠ বেটেলিয়নৰ বিষয়া তথা জোৱানসকলক প্ৰশংসা কৰে। তেওঁ পঞ্চম গোৰ্খা ৰাইফলছৰ প্ৰথম বেটেলিয়নক আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ ১৬৬ বছৰীয়া গৌৰৱময় ইতিহাস অনুসৰণ কৰি বেটেলিয়নে এই কাৰ্যকালত ৰাষ্ট্ৰপতি ভৱনত নতুন উদাহৰণ স্থাপন কৰিব বুলি আশা প্ৰকাশ কৰে। সেনা বাহিনীৰ বিভিন্ন পদাতিক গোটে নিয়মীয়া অন্তৰালত ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক আমীগার্ড হিচাপে সেৱা আগবঢ়ায়। আমীগার্ড বেটেলিয়নে ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক নিৰাপত্তাৰ দ্বায়িত্ব পালনৰ উপৰি বিটিং দ্যা ৰিট্ৰিট অনুষ্ঠান, স্বাধীনতা দিৱস তথা গণৰাজ্য দিৱসৰ কুচকাৱাজ, বিশিষ্ট ব্যক্তিৰ প্ৰতি গার্ড অব অনাৰ প্ৰদৰ্শন আদি গুৰুত্বপূৰ্ণ কাৰ্যসূচীত সেৱা আগবঢ়ায় ।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1