মুখ্য বাতৰি
জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন            ৰাজ্যৰ ১৯ খন জিলাত কাইলৈৰপৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক অভিযান            ৩৫০ কোটি টকা ব্যয়ৰে অসম ৰাজ্যিক চিৰিয়াখানাক দেশৰ ভিতৰতে আটকধুনীয়াকৈ গঢ়ি তোলাৰ লক্ষ্যঃ মুখ্যমন্ত্রী ড০ শৰ্মা            চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৭ শতাংশঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী            শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশে যে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ আঁচনিসমূহক বিশ্বাস কৰে, তাকেই প্ৰমাণ কৰিছেঃ প্রধানমন্ত্ৰী মোদী           

Nov 21, 2023
6:51PM

ৰাজস্থান বিধানসভা নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

@INCIndia

ৰাজস্থানত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আজি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেৰ উপস্থিতিত বিধানসভা নিৰ্বাচনৰ বাবে দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্রী অশোক গেহলট, প্রাক্তন উপ-মুখ্যমন্ত্রী শচীন পাইলট, প্রদেশ কংগ্ৰেছৰ মুৰব্বী গোবিন্দ সিং দোতাছাৰাৰ লগতে জ্যেষ্ঠ নেতা জিতেন্দ্র সিং, মুকুল ৱাছনিক আৰু চি পি যোশীকে ধৰি অন্যান্য নেতা উপস্থিত থাকে। নিৰ্বাচনী ইস্তাহাৰত মুখ্য প্রতিশ্রুতি হিচাপে স্বামীনাথন কমিটীৰ প্রতিবেদনৰ অনুমোদন অনুসৰি কৃষকৰ বাবে ন্যূনতম সমর্থন মূল্য আইন প্রযোজ্য কৰাৰ কথা কোৱা হৈছে। লগতে চিৰঞ্জীৱী স্বাস্থ্য বীমা আঁচনিৰ পৰিমাণ ২৫ লাখৰ পৰা ৫০ লাখ টকালৈ বৃদ্ধিৰ প্রতিশ্রুতি দিয়া হৈছে। পুনৰ ক্ষমতালৈ আহিলে কংগ্ৰেছে ৪ লাখ চৰকাৰী চাকৰিকে ধৰি ১০ লাখ যুৱক-যুৱতীক কর্ম-সংস্থাপন দিয়াৰ প্রতিশ্রুতি দিছে।

ইস্তাহাৰত প্ৰকাশ কৰা অনুসৰি পঞ্চায়ত পর্যায়ত নতুন কেডাৰৰ চৰকাৰী চাকৰি সৃষ্টি কৰা হ'ব। বর্তমান ৰাজস্থানত ৫০০ টকাত বন্ধন গেছ চিলিণ্ডাৰ যোগান ধৰি থকা গৈছে যদিও বি পি এল, এন এফ এছ এ আৰু উজ্জ্বল আঁচনিৰ হিতাধিকাৰীৰসকলৰ বাবে চিলিণ্ডাৰ ৪০০ টকাত যোগান ধৰাৰ প্ৰতিশ্রুতি দিয়া হৈছে। ৰাজ্যখনত ব্যক্তিগত শিক্ষা প্রতিষ্ঠানতো দ্বাদশ শ্রেণী পর্যন্ত বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে। এম জি এনৰেগা আৰু ইন্দিৰা গান্ধী নগৰ কৰ্ম-সংস্থাপন আঁচনিৰ কৰ্মদিন ১২৫ৰ পৰা ১৫০ দিনলৈ বৃদ্ধি কৰিব কংগ্ৰেছ চৰকাৰে। ক্ষুদ্র ব্যৱসায়ী আৰু দোকানীসকলৰ বাবে মার্চেন্ট ক্রেডিট কার্ড আঁচনিৰ অধীনত পাঁচ লাখ টকা পৰ্যন্ত সুদবিহীন ঋণৰ ব্যৱস্থা কৰা হ'ব। ১০০ জনসংখ্যা থকা প্রতিখন গাঁৱক পথ যোগাযোগেৰে সংযোগ কৰাৰ লগতে প্ৰতিখন গাঁও আৰু নগৰৰ বাৰ্ডত নিৰাপত্তা কর্মী নিয়োগ কৰা হ'ব। গৃহলাভৰ অধিকাৰ আইন প্রণয়ন কৰি প্ৰতিটো পৰিয়াললৈ বাসগৃহ দিয়াৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যত জাতিগত লোক গণনা কৰা হ'ব বুলি উল্লেখ কৰি কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গেই কয় যে, নির্বাচনী ইস্তাহাৰত প্ৰতিটো প্রতিশ্রুতিয়েই আখৰে আখৰে পালন কৰা হ'ব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1