মুখ্য বাতৰি
জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন            ৰাজ্যৰ ১৯ খন জিলাত কাইলৈৰপৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক অভিযান            ৩৫০ কোটি টকা ব্যয়ৰে অসম ৰাজ্যিক চিৰিয়াখানাক দেশৰ ভিতৰতে আটকধুনীয়াকৈ গঢ়ি তোলাৰ লক্ষ্যঃ মুখ্যমন্ত্রী ড০ শৰ্মা            চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৭ শতাংশঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী            শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশে যে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ আঁচনিসমূহক বিশ্বাস কৰে, তাকেই প্ৰমাণ কৰিছেঃ প্রধানমন্ত্ৰী মোদী           

Nov 20, 2023
8:53PM

৩৬ সংখ্যক সৰ্বভাৰতীয় চাওতালী লেখক সন্থাৰ বাৰ্ষিক অধিবেশন আৰু সাহিত্য উৎসৱ উদ্বোধন ৰাষ্ট্ৰপতিৰ

@rashtrapatibhvn

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে নতুন প্রজন্মক চাওতালী ভাষাৰ প্ৰতি আকর্ষিত কৰাৰ উদ্দেশ্যৰে চাওতালী ভাষাৰ সাহিত্যিকসকলক ন-ন গ্রন্থ ৰচনা কৰিবলৈ আহ্বান জনাইছে। আজি ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ বৰিপাৰাত ৩৬ সংখ্যক সৰ্বভাৰতীয় চাওতালী লেখক সন্থাৰ বাৰ্ষিক অধিবেশন আৰু সাহিত্য উৎসৱ উদ্বোধন কৰি চাওতালী ভাষাতে দিয়া ভাষণত ৰাষ্ট্রপতিগৰাকীয়ে এইদৰে প্রকাশ কৰে। তেওঁ কয় যে, চাওতালী ভাষা কোৱা প্রতিজন মানুহে প্রথমে নিজৰ ভাষাটোক ভাল পাই, ইয়াক জনপ্ৰিয় কৰাৰ দিশত কাম কৰা উচিত। ৰাষ্ট্রপতিগৰাকীয়ে চাওতালী ভাষাৰ সাহিত্যিকসকলক তেওঁলোকে চাওতালসকলৰ সমৃদ্ধ ঐতিহ্য, পৰম্পৰা আৰু ভাষাক ৰক্ষণা বেক্ষণ দিয়াৰ ক্ষেত্ৰত লোৱা প্রচেষ্টাসমূহৰ বাবে ভূয়সী প্রসংশা কৰে। উল্লেখযোগ্য যে, চাওতালী ভাষা হৈছে এটা মুণ্ডা ভাষা আৰু মূলতঃ ইয়াক ভাৰতৰ ওড়িশা, পশ্চিমবংগ, চত্তিশগড় আৰু ঝাৰখণ্ডত ব্যবহাৰ কৰা হয়। ভাৰত তথা ইয়াৰ চুবুৰীয়া দেশ বাংলাদেশ আৰু নেপালত প্রায় ৭০ লাখ চাওতালী ভাষা ব্যবহাৰ কৰা লোক আছে আৰু ই আমাৰ দেশৰ চৰকাৰীভাৱে স্বীকৃতিপ্রাপ্ত ভাষাসমূহৰ অন্যতম।


উল্লেখযোগ্য যে ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু তেওঁৰ গৃহ জিলা ময়ুৰভঞ্জ আৰু চম্বলপুৰ জিলাত আয়োজিত বিভিন্ন কার্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যে তিনিদিনীয়া ভ্রমণসূচী লৈ ওড়িশাত উপস্থিত হৈছে। তেওঁ ময়ুৰভঞ্জ জিলাৰ কুলিয়ানাত একলব্য মডেল আবাসিক বিদ্যালয় মুকলি কৰিব। ওড়িশাত অনুমোদিত ৮৭খন নতুন একলব্য মডেল আবাসিক বিদ্যালয়ৰ ভিতৰত কেৱল ময়ুৰভঞ্জ জিলাৰ প্ৰতিটো ব্লকত এখনকৈ মুঠ ১৯খন বিদ্যালয় আছে। যিটো দেশৰ সকলো ৰাজ্যৰ ভিতৰতে সর্বাধিক। এই বিদ্যালয় হৈছে জনজাতীয় ছাত্র ছাত্রীসকলক গুণগত শিক্ষা প্ৰদানৰ বাবে ভাৰত চৰকাৰ ধ্বজাবাহী আঁচনি।


গৃহ জিলাখনত ভ্রমণৰ দ্বিতীয় দিনা শ্রীমতী মুৰ্মুৱে পাহাড়পুৰ জিলাত এটা দক্ষতা প্রশিক্ষণ কেন্দ্র মুকলি কৰাৰ লগতে ময়ুভঞ্জ জিলাৰ বাদামপাহাড় বেলবে ষ্টেচনত তিনিখন নতুন ৰেল মুকলি কৰিব। সন্ধিয়া ৰাষ্ট্ৰপতিগৰাকীয়ে চম্বলপুৰ জিলাৰ বুলাত বীৰ সুৰেন্দ্ৰ ছাই প্রযুক্তি বিশ্ববিদ্যালয়ৰ ১৫ সংখ্যক বার্ষিক সমাবর্তনত অংশগ্রহণ কৰিব। গৃহ জিলাখন ভ্রমণৰ অন্তিম দিনা শ্রীমতী মুর্মুৱে চম্বলপুৰত ব্ৰহ্মকুমাৰীৰ দ্বাৰা আয়োজিত ৰাষ্ট্রীয় শিক্ষা অভিযান- "নতুন ভাৰতৰ বাবে নতুন শিক্ষা' মুকলি কৰিব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1