মুখ্য বাতৰি
জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন            ৰাজ্যৰ ১৯ খন জিলাত কাইলৈৰপৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক অভিযান            ৩৫০ কোটি টকা ব্যয়ৰে অসম ৰাজ্যিক চিৰিয়াখানাক দেশৰ ভিতৰতে আটকধুনীয়াকৈ গঢ়ি তোলাৰ লক্ষ্যঃ মুখ্যমন্ত্রী ড০ শৰ্মা            চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৭ শতাংশঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী            শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশে যে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ আঁচনিসমূহক বিশ্বাস কৰে, তাকেই প্ৰমাণ কৰিছেঃ প্রধানমন্ত্ৰী মোদী           

Nov 20, 2023
8:46PM

অষ্ট্ৰেলিয়াৰ উপ-প্রধানমন্ত্রী তথা প্রতিৰক্ষা মন্ত্রীৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দ্বিপাক্ষিক আলোচনা

AIR tweet

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত অষ্ট্ৰেলিয়াৰ উপ প্রধানমন্ত্রী তথা প্রতিৰক্ষা মন্ত্রী ৰিচাৰ্ড মাৰ্লছৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োগৰাকী মন্ত্রীয়ে আজি সন্ধিয়াৰ ভাগলৈ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰ আৰু অষ্ট্ৰেলিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী পেন্নি ৱঙৰ সৈতে দুয়োখন দেশৰ বিশেষ বৈঠকত মিলিত হ'ব। ইপিনে, ড০ জয়শংকৰে অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত তেওঁ কয় যে তেওঁলোকে পশ্চিম এছিয়া সন্দর্ভত মত বিনিময় কৰাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় কৌশলগত দৃশ্যপটত প্রভাৱিত কৰা শেহতীয়া ঘটনাৱলী সন্দর্ভতো আলোচনাত মিলিত হয়। তদুপৰি তেওঁলোকে বিশ্বকাপ ক্রিকেটৰ ফাইনেল খেল সন্দর্ভতো কথা পাতে।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1