শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্রতিষ্ঠানত প্রধানমন্ত্রী বন ধন যোজনাৰ অধীনত পুঁজি বিতৰণ অনুষ্ঠানত অংশগ্রহণ কৰি ৮৪ টা বন ধন গোটক ১ কোটি ৮৪ লাখ টকাৰ সাহায্য বিতৰণ কৰে। এই আঁচনিৰ অধীনত ৬৮ টা বন ধন গোটক ২ লাখ ৪০ হাজাৰকৈ কাৰ্যকৰী মূলধন আৰু ১৬ টা গোটক সহায়ক মূলধন ৰূপে ১,১২,৫০০ টকাকৈ বিতৰণ কৰা হয়। বন ধন যোজনাই দেশৰ জনজাতীয় সম্প্রদায়ৰ জীৱন-জীৱিকাৰ উন্নতি সাধনৰ লগতে সমৃদায়টোৰ সামগ্রিক কল্যাণ সাধন কৰিছে বুলি তেওঁ উল্লেখ কৰে।