মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Oct 08, 2023
9:14PM

আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত দক্ষিণ আফ্রিকা আৰু বাংলাদেশৰ জয়লাভ

ICC
আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত দক্ষিণ আফ্রিকাই কালি নতুন দিল্লীৰ অৰুণ জেট্‌লী ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত শ্রীলংকাক ১০২ ৰানত পৰাস্ত কৰে। খেলখনত দক্ষিণ আফ্রিকাই প্ৰথমে বেট ধৰি ৫ উইকেটৰ বিনিমিয়ত ৪২৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰ শ্ৰীলংকাই ৪৪ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৩২৬ ৰানহে কৰিবলৈ সমৰ্থ হয়।
ইয়াৰ আগেয়ে বাংলাদেশে ধৰ্মশালাত অনুষ্ঠিত বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত আফগানিস্তানক ৬ উইকেটত পৰাস্ত কৰে। বাংলাদেশে ১৫৭ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মেহদী হাচান মিৰাজ আৰু নাজমুল হুছেইন চান্তোৰ অৰ্ধ শতকৰ সহায়ত ৩৪ অভাৰ আৰু চাৰিটা বলত চাৰি উইকেটৰ বিনিময়ত ১৫৮ ৰাণ কৰে। ইয়াৰ পূৰ্বে আফগানিস্তানে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ৩৭ অভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৫৬ ৰাণ সংগ্ৰহ কৰে। বাংলাদেশৰ হৈ চাকিব আৰু মেহদীয়ে তিনিটাকৈ উইকেট দখল কৰে। মেহদী হাচানক প্লেয়াৰ অফ দ্যা মেচ হিচাপে ঘোষণা কৰা হয়।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1