মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Sep 27, 2023
6:40PM

২৯ ছেপ্তেম্বৰৰ পৰা বিশ্বকাপ ক্রিকেটৰ ৪ খনকৈ প্ৰস্তুতি মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব

@BCCI
বিশ্বকাপ ক্রিকেটৰ ৪ খনকৈ প্ৰস্তুতি মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ২৯ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ'ব। এই প্রস্তুতি মেচৰ বাবে ইতিমধ্যে শ্রীলংকাৰ ক্ৰিকেট দলটো আজি গুৱাহাটীত উপস্থিত হৈছে। গোপীনাথ বৰদলৈ আন্তজাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে দলটোক আদৰণি জনোৱা হয়। ইয়াৰ পিছত দলটো পোনে পোনে হোটেললৈ ৰাওনা হয়। ইপিনে, বিয়লি ভাগত প্রস্তুতি মেচৰ বাবে গুৱাহাটীত বাংলাদেশৰ ক্ৰিকেট দলটো উপস্থিত হ'ব। উল্লেখযোগ্য যে, বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অহা ২৯ ছেপ্তেম্বৰত বাংলাদেশ-শ্রীলংকা, ৩০ ছেপ্তেম্বৰত ভাৰত-ইংলেণ্ড, ২ অক্টোবৰত ইংলেণ্ড-বাংলাদেশ আৰু ৩ অক্টোবৰত আফগানিস্তান-শ্রীলংকাৰ মাজত প্ৰস্তুতি মেচ আৰম্ভ হ'ব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1