ৱাকফ সংশোধনী বিধেয়ক ২০২৫ লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হৈছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি বিধেয়কখন উত্থাপন কৰি কয় যে মুছলমান সকলৰ ধৰ্মীয় বিশ্বাসৰ সৈতে বিধেয়কখনৰ কোনো সম্পৰ্ক নাই আৰু ৱাকফ পৰিষদৰ সা-সম্পত্তিৰ সৈতেহে জড়িত। তেওঁ কয়, যে চৰকাৰে ৱাক্ফ পৰিষদসমূহক সৰ্বাত্মক আৰু ধৰ্ম নিৰপেক্ষ কৰি তুলিব খুজিছে। বিধেয়কখনৰ জৰিয়তে মছজিদৰ পৰিচালনা কৰিব খোজা হোৱা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ বিধেয়ক অনুসৰি ৱাক্ফ পৰিষদৰ বিভিন্ন মুছলীম পন্থা, মহিলা আৰু অনামুছলীম সম্প্ৰদায়ৰ প্ৰতিনিধি থাকিব। বিৰোধী পক্ষই বিধেয়কখন লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলি শ্ৰীৰিজিজুৱে অভিযোগ তোলে। তেওঁ কয় যে ২০১৩ চনত ইউ পি এৰ শাসনকালত ৱাক্ফ আইনত সংশোধন কৰা হৈছিল আৰু এই সংশোধনে অন্য আইনসমূহত ব্যাপক প্ৰভাৱ পেলাইছিল। কংগ্ৰেছ শাসনকালত দিল্লীৰ আগশাৰীৰ ঠাইৰ মুঠ ১২৩ টা সম্পত্তি দিল্লী ৱাক্ফ পৰিষদলৈ হস্তান্তৰ কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে। শ্ৰীৰিজিজুৱে কয় যে যুটীয়া সংসদীয় কমিটি আৰু চৰকাৰে এই বিধেয়কখন প্ৰস্তুত কৰি উলিওৱাৰ সময়ত সংশ্লিষ্ট পক্ষসমূহৰ সৈতে ব্যাপকভাৱে আলাপ আলোচনা কৰিছিল৷
Site Admin | April 2, 2025 5:56 PM | Akashvani | Kiren Rijiju | Parliament Session
ৱাক্ফ সংশোধনী বিধেয়ক ২০২৫ লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন
