ডাউনলোড
মোবাইল এপ

android apple
signal

ৱাকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন তুলি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ গোচৰত কেন্দ্ৰীয় চৰকাৰৰ শপতনামা দাখিল

ৱাকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন তুলি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ গোচৰত আজি কেন্দ্ৰীয় চৰকাৰে শপতনামা দাখিল কৰিছে। গোচৰটো সন্দৰ্ভত যোৱা ১৭ এপ্ৰিলত ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বৰ খণ্ড আদালতে দিয়া নিৰ্দেশ অনুযায়ী কেন্দ্ৰীয় চৰকাৰৰ হৈ সংখ্যালঘু পৰিক্ৰমা মন্ত্রালয়ে এইউ শপতনামা দাখিল কৰিছে। ১৯৯৫ চনৰ ৱাকফ আইনৰ অপ-প্ৰয়োগৰ জৰিয়তে চৰকাৰী ভূমিৰ বেদখল বন্ধ কৰাৰ প্ৰৱণতা ৰোধ আৰু দেশৰ ৱাকফ বৰ্ড সমূহে সুচাৰুৰূপে আৰু স্বচ্ছভাৱে কাম কৰাটো সুনিশ্চিত কৰাৰ বাবে এই সংশোধনী আইন অনা হৈছে বুলি এই শপতনামাত উল্লেখ কৰা হৈছে । ইয়াৰ উপৰিও ২০১৩ চনৰ ৱাকফ আইন সংশোধনীৰ পাছত সমগ্ৰ দেশতে ৱাকফ সম্পত্তিৰ পৰিমাণ ১১৬ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হয় বুলিও এই শপতনামাত কোৱা হৈছে। ৱাকফ সম্পত্তিৰ ক্ষেত্ৰত পূৰ্বৰ আইনত থকা আঁসোৱাহ দূৰ কৰাৰ বাবে নতুন সংশোধনীৰ জৰিয়তে প্ৰশাসনীয় আৰু সংসদীয় পৰ্যায়ত বিস্তাৰিতভাৱে প্ৰয়াস চলোৱা হৈছে। শপতনামাখনত সংসদে প্রণয়ন কৰা কোনো আইনত সাংবিধানিক আদালতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে স্থগিতাদেশ দিয়াৰ আইনী পৰম্পৰা নাই বুলিও উল্লেখ কৰা হৈছে। আদালতে আজি কেন্দ্ৰীয় চৰকাৰৰ এই শপতনামা পোৱাৰ পাছত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন অহা ৫ মে ধাৰ্য কৰে।

অধিক পঢ়ক

সকলো চাওক