ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰপতি মুৰ্মুৱে ২৫ এপ্ৰিলত নৃত্যশিল্পী ড° সোণাল মান সিঙক ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৫ এপ্রিলত পদ্মভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৰেণ্য নৃত্যশিল্পী ড° সোণাল মান সিঙক ২০২৩ বৰ্ষৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব। যোৱা বছৰৰ ২১ আগষ্টত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকে ড° মানসিঙক এই বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছিল। উল্লেখযোগ্য যে ১৯৮৬ চনত সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদি ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা ব্যক্তিক ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদানৰ শুভাৰম্ভ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰাজিৰ সোঁৱৰণৰ দ্বাৰা দেশবাসীক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে এই বঁটা প্ৰৱৰ্তন কৰা হৈছিল। এই বঁটাত আছে – ৫ লাখ টকাৰ লগতে এখন প্রশস্তি পত্র, এটা সোণৰ পদক, এখন শৰাই আৰু অংগবস্ত্ৰ। ইয়াৰ পূৰ্বে ড° ভূপেন হাজৰিকা, কীৰ্তিনাথ হাজৰিকা, সত্যজিৎ ৰায়, ড° মহেশ্বৰ নেওগ, কপিলা বাৎসায়ন, ড° সত্যেন্দ্ৰনাথ শৰ্মা, ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছিল ।

ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শমৰ্মে ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাই কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ অহা ২৪ আৰু ২৫ এপ্ৰিলত গুৱাহাটী ভ্ৰমণ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মুখ্যসচিবগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহৰ সৈতে ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। এই ভ্ৰমণসূচী নিয়াৰিকৈ পৰিচালনাৰ বাবে ড° কোটাই সকলোকে নির্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে এই ভ্ৰমণকালত ২৫ এপ্ৰিলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানতো অংশ ল’ব।

অধিক পঢ়ক

সকলো চাওক