ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিৰ সন্দৰ্ভত কেন্দ্রীয় গৃহমন্ত্রীৰে ত্ৰিপাক্ষিক বৈঠকৰ পোষকতা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰাৰ বিষয়টো সন্দৰ্ভত শীঘ্ৰেই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পোষকতা কৰিছে। ৰাজ্য চৰকাৰ আৰু ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধি এই বৈঠকত উপস্থিত থাকিব। দুধনৈত কালি পৰিষদৰ নৱ নিৰ্বাচিত ৩৬ গৰাকী পাৰিষদৰ শপত গ্রহণ অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই কথা প্রকাশ কৰে। মুখ্যন্ত্ৰীয়ে কালিৰ অনুষ্ঠানত ৰাভা বীৰ দদানক শ্রদ্ধাৰে স্মৰণ কৰি বীৰগৰাকীৰ এটা ১০০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে। পৰিষদৰ প্ৰতিটো এলেকাৰ দ্রুত উন্নয়নৰ বাবে অসম চৰকাৰৰ পৰা আৱণ্টিত পুঁজিৰ বাহিৰেও পৰিষদৰ প্ৰতিটো সমষ্টিত সুকীয়াকৈ ধনৰ আৱণ্টন দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। অনুষ্ঠানত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ৰাভা বীৰ পৰশুৰামৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে নৱ নির্বাচিত পাৰিষদসকলক শপত বাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানতে টংকেশ্বৰ ৰাভাই তৃতীয়বাৰৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। একেদৰে সোনাৰাম ৰাভাই অধ্যক্ষ আৰু অনকা বাভাই উপাধ্যক্ষ হিচাপে শপত নয়।

অধিক পঢ়ক

সকলো চাওক