■ ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ’ব। গোৱালপাৰা আৰু কামৰূপৰ মুঠ ৩৩টা পৰিষদীয় সমষ্টিত কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে গোৱালপাৰা জিলাত ১৯টা আৰু কামৰূপ জিলাত ১৪টা সমষ্টি আছে। নির্বাচনৰ বাবে জিলা দুখনৰ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ ১৯ টা সমষ্টিত ৩৬২ টা ভোটগ্রহণ কেন্দ্ৰত ২ লাখ ৪০ হাজাৰ ২৫ গৰাকী ভোটাৰে ৫২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। কামৰূপ জিলাৰ ১৪ টা পৰিষদীয় সমষ্টিত এক লাখ ৬৮ হাজাৰ ৬৬৮ গৰাকী ভোটদাতা আছে। নির্বাচনী বিষয়াসকল আজি ভোটকেন্দ্রসমূহলৈ ৰাওনা হ’ব। এই নির্বাচন শান্তিপূৰ্ণকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা লৈছে। ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।
Site Admin | April 1, 2025 1:01 PM | Akashvani Guwahati | Election | Rabha Autonomous Council
ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণ
