ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰঙালী বিহুৰ পাৰভঙা উৎসাহ-উদ্দীপনা

■ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ প্ৰান্তে প্রান্তে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিবলৈ সাজু হৈছে। মহিলাসকলে বিহুৰ সময়ছোৱাত অতিথি আপ্যায়নৰ বাবে পিঠা-পনা, জা-জলপান যতনাই থোৱাৰ বাবে ঢেঁকীশালত ব্যস্ত হৈ পৰিছে। গ্ৰামাঞ্চলত জীয়ৰী-বোৱাৰীয়ে হেঁপাহৰ বিহুৱান বৈ-কাটি উলিয়াইছে। সমাগত ৰঙালী বিহু উপলক্ষে বিভিন্ন স্থানত কৰ্মশালা, বিপণী আদিৰ আয়োজন কৰা হৈছে।
ডিব্ৰুগড় জিলাৰ কানৈ মহাবিদ্যালয়, মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয় আৰু হনুমান বক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু আছু গোটৰ উদ্যোগত কালি বিহু আখৰা আৰু ৰঙালী বিহু আদৰণী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে তিনিওখন মহাবিদ্যালয়ৰ অধ্যক্ষক ফুলাম গামোচা, চেলেং চাদৰ, জাপি আৰু সম্বর্ধনা পত্ৰৰে সম্বৰ্ধনা জনায়। অধ্যক্ষকেইগৰাকীয়ে অসমীয়া জাতীয় জীৱনত ৰঙালী বিহুৰ পৰম্পৰা তথা গুৰুত্ব ৰক্ষাৰ বাবে সকলোকে নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয় কেইখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত পিঠা-পনাৰ এখন মেলাও অনুষ্ঠিত কৰা হয় ৷ ডিব্ৰু মহাবিদ্যালয়তো কালি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব’হাগী বিপণী শীৰ্ষক এটা কাৰ্যসূচীৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন চাংমাইয়ে মুকলি কৰা এই ব’হাগী বিপণীত ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা পিঠা- পনা, আচাৰ, গামোচা, ৰুমাল আদিকে ধৰি বিহুৰ সৈতে জড়িত সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হয় ৷
তিনিচুকীয়া জিলাত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত আজিৰে পৰা থানা চাৰিআলিৰ ডাকবাংলা চৌহদত অসমী ব’হাগী মেলাৰ আয়োজন কৰা হৈছে। এই ব’হাগী মেলাত ভালেসংখ্যক আত্মসহায়ক গোটৰ মহিলাই থলুৱাভাৱে উৎপাদিত তথা নিজে প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰিছে।
ৰঙালী বিহুৰ প্ৰাকক্ষণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন কর্মত নিয়োজিত ৰাজ্যখনৰ ভালেসংখ্যক নাগৰিকলৈ বিহুৱান প্ৰেৰণ কৰি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ড০ শৰ্মাই এটা বাৰ্তাত ৰাজ্যখনৰ ৭ লাখ ৭৩ হাজাৰ ব্যক্তিলৈ বিহুৱান প্ৰেৰণ কৰাৰ বাবে ৫ লাখ ৬৪ হাজাৰ ৮১১ গৰাকী থলুৱা শিল্পীয়ে এই বিহুৱান প্রস্তুত কৰা বুলি জানিবলৈ দিছে। তেওঁ ইয়াৰ বাবে শিল্পীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। বৰ্তমানলৈকে ৰাজ্যৰ প্ৰতিখন জিলালৈ মুঠ ৪ লাখ ৪৩ হাজাৰ গামোচা প্ৰেৰণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।