অসম চৰকাৰে ৰাজ্যখনৰ চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকললৈ উন্নতমানৰ স্বাস্থ্য সেৱা, বিশেষকৈ বিনামূলীয়া ঔষধৰ সুবিধা আগবঢ়োৱাৰ বাবে স্বাস্থ্য বিভাগলৈ ১৯০ কোটি টকা মঞ্জুৰ কৰে। জনতাভৱনত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ এখন বৈঠকৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ লগতে জনোৱা মতে মন্ত্ৰীসভাৰ আজিৰ বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনভোগীসকলৰ বাবে যোৱা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত ২ শতাংশ মৰগীয়া বানচৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লোৱা হয়।
তেওঁ লগতে কয়, যে সময়ৰ লগে লগে দুৰ্বল হৈ অহা ৰাজ্যৰ মথাউৰিসমূহৰ সুৰক্ষাৰ বাবে একোটা যুৱ বাহিনী গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। জলসম্পদ বিভাগৰ স্থানীয় অভিযন্তাগৰাকীৰ নিৰীক্ষণৰ অধীনত ১০ৰ পৰা ১৫ জনকৈ যুৱকক লৈ গঠন কৰিবলগীয়া এনে যুৱ বাহিনীসমূহক মথাউৰিবোৰৰ প্ৰতি ৮ৰ পৰা ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশসমূহৰ সুৰক্ষাৰ দায়িত্ব প্ৰদান কৰাৰ বাবে মন্ত্রীসভাই সিদ্ধান্ত গ্রহণ কৰে। মথাউৰি কমিটি হিচাপে নামকৰণ কৰিবলগীয়া এই যুৱ বাহিনীসমূহে এপ্ৰিলমাহৰ শেষৰ পৰা অক্টোবৰলৈ মথাউৰিসমূহৰ সংশ্লিষ্ট অঞ্চলটোত চকু ৰাখিব আৰু তেওঁলোকক মথাউৰি নিৰীক্ষণ তথা প্ৰয়োজনীয় তাৎক্ষণিক মেৰামতিৰ বাবে সকলো ধৰণৰ সা-সঁজুলি যোগান ধৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷ মন্ত্ৰীসভাৰ আজিৰ বৈঠকত জাগীৰোডত ১৪২ কোটি টকা ব্যয় সাপেক্ষ কৰ্মৰত মহিলাৰ আবাস এটা নিৰ্মাণৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Site Admin | April 4, 2025 5:23 PM | Akashvani Guwahati | Assam Government | Medical
ৰাজ্যৰ চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতাল তথা স্বাস্থ্য বিভাগলৈ ১৯০ কোটি টকা মঞ্জুৰ অসম চৰকাৰৰ
