ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনভোগীসকলৰ বাবে যোৱা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত ২ শতাংশ মৰগীয়া বানচ বৃদ্ধি কৰাৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লৈছে। জনতাভৱনত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ এখন বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে অসম চৰকাৰে ৰাজ্যখনৰ চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকললৈ উন্নতমানৰ স্বাস্থ্য সেৱা, বিশেষকৈ বিনামূলীয়া ঔষধৰ সুবিধা আগবঢ়োৱাৰ বাবে স্বাস্থ্য বিভাগলৈ ১৯০ কোটি টকা মঞ্জুৰ কৰিছে।
সময়ৰ লগে লগে দুৰ্বল হৈ অহা ৰাজ্যৰ মথাউৰিসমূহৰ সুৰক্ষাৰ বাবে মথাউৰি নিৰীক্ষণ আৰু বান প্রস্তুতি সমিতি গঠনত আজিৰ মন্ত্ৰীসভাৰ বৈঠকত অনুমোদন জনোৱা হয়। জিলা আৰু সমজিলা পৰ্যায়ত এই সমিতিসমূহ গঠন কৰা হ’ব। আজিৰ বৈঠকত চাহ জনগোষ্ঠীৰ বাবেও কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি ৭৫০ কোটি টকা ব্যয়ৰে ৫০০ চাহ বাগিচাত নিৰ্মাণ কৰা মহাপ্রভু জগন্নাথ সামুহিক ভৱন তথা দক্ষতা কেন্দ্ৰৰ তত্বাৱধান আৰু সঠিক কার্যকলাপ সুনিশ্চিত কৰণৰ বাবে এখন ব্যৱস্থাপনা সমিতি গঠন কৰা হ’ব। মন্ত্ৰীসভাৰ আজিৰ বৈঠকত জাগীৰোডত ১৪২ কোটি টকা ব্যয় সাপেক্ষ প্রায় ১ হাজাৰ কৰ্মৰত মহিলাৰ বাবে এটা অত্যাধুনিক হোষ্টেল নিৰ্মাণৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি নগৰ অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ বিষয়ত নীতিগত হস্তক্ষেপৰ জৰিয়তে পৰামৰ্শ আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে অসম নগৰ জলবায়ু কেন্দ্ৰ স্থাপনত অনুমোদন জনোৱা হয়। মন্ত্রীসভাই বিদেশী ন্যায়াধীকৰণত চলি থকা ২৮ হাজাৰ কোচ ৰাজবংশী লোকৰ গোচৰ তাৎক্ষণিকভাৱে প্ৰত্যাহাৰৰ সিদ্ধান্তও গ্ৰহণ কৰিছে।
Site Admin | April 4, 2025 6:31 PM | Akashvani Guwahati | Assam Govt | CM Himanta Biswa Sarma
ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনভোগীসকলৰ বাবে যোৱা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত ২ শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত
