ডাউনলোড
মোবাইল এপ

android apple
signal

২০২৪ বৰ্ষৰ বাবে সাহিত্য একাডেমী অনুবাদ বঁটা ঘোষণা

২০২৪ বৰ্ষৰ বাবে সাহিত্য একাডেমী অনুবাদ বঁটা আজি ঘোষণা কৰা হৈছে। অসমীয়া, বড়ো ভাষাৰ গ্ৰন্থকে ধৰি মুঠ ২১ খন অনুদিত গ্ৰন্থলৈ এই বঁটা আগবঢ়োৱা হৈছে। সংস্কৃত আৰু নেপালী ভাষাৰ বঁটা পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব বুলি সমিতিয়ে জানিবলৈ দিছে। প্রাচীন কামৰূপৰ ইতিহাস শীর্ষক অনুদিত গ্ৰন্থৰ বাবে লেখক, অনুবাদক অঞ্জন শর্মালৈ অসমীয়া ভাষাত এই বঁটা আগবঢ়োৱা হৈছে। হোমেন বৰগোহাঞিৰ সাউদৰ পুতেকে নাও মেলি যায়, শীর্ষক গ্ৰন্থখন অনুবাদ কৰি বাসুদেৱ দাসে বাংলা ভাষাত এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে। অনুৰাধা শৰ্মা পূজাৰীৰ কাঞ্চন নামৰ উপন্যাসখনৰ অনুবাদৰ বাবে উত্তৰা বিছমুথিয়াৰীলৈ বড়ো ভাষাত এই বঁটা আগবঢ়োৱা হৈছে। সাহিত্য একাডেমীৰ অনুবাদ বঁটাত আছে নগদ ৫০ হাজাৰ টকা আৰু এখনকৈ তাম্র ফলক। বজালী অঞ্চলৰ বিশিষ্ট লেখক, সাংবাদিক তথা চিন্তাবিদ অঞ্জন শর্মাই কনকলাল বৰুৱাৰ বিখ্যাত গ্রন্থ আৰলি হিষ্টৰি অৱ কামৰূপাৰ অসমীয়া অনুবাদ প্ৰাচীন কামৰূপৰ ইতিহাস গ্রন্থখনৰ বাবে সাহিত্য একাডেমী অনুবাদ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰে সমগ্ৰ বজালীলৈ আনন্দ কঢ়িয়াই আনিছে। আমাৰ বজালীৰ সংবাদদাতাই জনোৱা অনুসৰি অসমৰ প্ৰতিষ্ঠিত ছপাশাল ভৱানী অফছেটৰ পৰিচালন সঞ্চালক অঞ্জন শর্মাই হিংসা নে অহিংসা, আন্ধাৰতে যি সাৰ পায়, অসম আন্দোলনৰ অসম্পূৰ্ণ ইতিহাস, কোচবিহাৰৰ বুৰঞ্জী আদিকে ধৰি বহুকেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থৰে অসমীয়া সাহিত্যলৈ উল্লেখনীয় অৱদান আগবঢ়াইছে। শ্ৰীশৰ্মাৰ সম্পাদনাতেই অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ এহেজাৰ ৪৪৮ পৃষ্ঠাৰ সুবৃহৎ কলেবৰৰ স্মৃতিগ্ৰন্থ বজালী বৈভৱ প্ৰকাশিত হৈছে। আজি সাহিত্য একাডেমীৰ অনুবাদ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ বাতৰি প্ৰকাশ কপোৱাৰ পাছতে পাঠশালা প্ৰেছ ক্লাৱ, বজালী জিলা বাৰ্তাজীৱি সংঘকে ধৰি বজালীৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে শ্রীশর্মাক অভিনন্দন জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক