ডাউনলোড
মোবাইল এপ

android apple
signal

২ মে’ৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি

অহা ২ মে’ত হবলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। শাসক-বিৰোধী সকলো নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে। ডিব্ৰুগড় জিলাত ইতিমধ্যে বহুকেইজন বিজেপিৰ প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। জিলা পৰিষদত ৩ জন, আঞ্চলিক পঞ্চায়তত ১০ জন নির্বাচিত হোৱাৰ লগতে পানীতোলা গাঁও পঞ্চায়তত দুজন ৱাৰ্ড সদস্য, লাহোৱাল গাঁও পঞ্চায়তত ১৫ জন, বৰবৰুৱাত ৯ জন, টেঙাখাটত ৩১ জন, জয়পুৰত ১৯ জন, খোৱাঙত ১৫ জন আৰু টিংখাং গাঁও পঞ্চায়ত ১২ জন ৱার্ড সদস্য বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।
তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ সমষ্টিটোৰ বিধায়ক বলিন চেতিয়াই নিৰ্বাচনী প্ৰচাৰ চলাইছে। মিত্ৰজোঁটৰ দল হিচাপে অসম গণ পৰিষদৰ প্ৰাৰ্থীসকলেও নির্বাচনী প্ৰচাৰত ভাগ লৈছে। ইপিনে কংগ্ৰেছ দলৰ উপ-সভাপতি গৌৰৱ গগৈয়ে কালি নির্বাচনী প্ৰচাৰৰ মাজতে জিলাখনৰ শ্ৰীশ্ৰীমায়ামৰা বৰদিবাক সত্ৰ ভ্ৰমণ কৰে। শ্ৰীগগৈয়ে সত্ৰাধিকাৰক সাক্ষাৎ কৰাৰ লগতে দিবাকত অনুষ্ঠিত ৰাতি বিহু উপভোগ কৰি মৰাণসকলৰ পৰম্পৰাগত সংস্কৃতিৰ শলাগ লয় আৰু ৰাইজৰ সেৱা অব্যাহত ৰখাৰ প্রতিশ্রুতি দিয়ে। ধেমাজি জিলাত হ’বলগীয়া নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে জিলাখনৰ আয়ুক্তই অহা ৩০ এপ্ৰিলৰ বিয়লি  ৪ঃ৩০ বজাৰ পৰা ২ মে’ৰ বিয়লি ৪ঃ৩০ বজা পর্যন্ত জিলাখনত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। যদিহে পুনৰ ভোটদান হৈ তেনেহ’লে অহা ৪ মে’ৰ দিনটোতো সুৰা নিষিদ্ধ কৰা হ’ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰিছে। আনহাতে অহা ১১ মে’ৰ দিনটোত ভোটগণনা শেষ নোহোৱা পৰ্যন্ত জিলাখনত সুৰা নিষিদ্ধ কৰা হৈছে। যোৰহাট জিলাৰ আয়ুক্তই কালি পঞ্চায়ত নিৰ্বাচনৰ বাবে বেলট পেপাৰ ছপা কৰিবলগীয়া ছপাশাল পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। আয়ুক্তগৰাকীৰ লগতে জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, তিতাবৰ সমজিলা আয়ুক্ত প্ৰমুখ্যে কেইবাজনো বিষয়া উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক