ডাউনলোড
মোবাইল এপ

android apple
signal

November 26, 2024 7:52 PM | Fund Release

printer

১৫খন ৰাজ্যৰ দুৰ্যোগ প্রশমন আৰু সামৰ্থ্য বৃদ্ধিৰ বাবে ১,১১৫ কোটিৰো অধিক টকা আবণ্টন

অসমকে ধৰি উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ লগতে দেশৰ মুঠ ১৫খন ৰাজ্যৰ দুৰ্যোগ প্রশমন আৰু সামৰ্থ্য বৃদ্ধি প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে এহেজাৰ ১১৫ কোটিৰো অধিক টকা আবণ্টনত অনুমোদন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে এই পুঁজিৰ অনুমোদন দিয়ে। সমিতিখনে উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ বাবে ৩৭৮ কোটি, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ বাবে ১৩৯ কোটি টকাকৈ, মহাৰাষ্ট্ৰৰ বাবে ১০০ কোটি, কৰ্ণাটক আৰু কেৰালাৰ বাবে ৭২ কোটি টকাকৈ আৰু তামিলনাডু আৰু পশ্চিমবংগৰ বাবে ৫০ কোটি টকাকৈ অনুমোদন দিছে। উচ্চ পৰ্যায়ৰ সমিতিখনে লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১১৫ কোটিৰো অধিক টকা ব্যয়েৰে প্ৰশিক্ষণ আৰু সামৰ্থ বৃদ্ধিৰ অন্য এটা প্ৰকল্পতো অনুমোদন জনাইছে। গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, দুৰ্যোগপূর্ণ পৰিস্থিতিৰ মোকাবিলা কৰিব পৰা এখন ভাৰতবৰ্ষ গঢ়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে মন্ত্ৰ্যালয়ে ভালেমান পদক্ষেপ লৈছে। দুৰ্যোগত হ’ব পৰা ক্ষতিৰ আশংকা হ্ৰাস কৰাৰ ব্যৱস্থা সুদৃঢ় কৰি প্ৰাকৃতিক বিপর্যয়ৰ সময়ত ধন-জনৰ ব্যাপক হানি ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰালয়ে প্রকাশ কৰিছে। মন্ত্ৰালয়ে চলিত বৰ্ষত ৰাজ্যসমূহলৈ ইতিমধ্যে ২১ হাজাৰ ৪৭৬ কোটিৰো অধিক টকা মোকলাই দিয়া বুলি ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক