স্পেইনৰ পণ্টেভেড়াত অনুষ্ঠিত ২০ বছৰ অনুৰ্ধৰ বিশ্ব মল্ল যুঁজ প্রতিযোগিতাত মহিলাৰ ৭৬ কিলোগ্রাম ওজন ফ্ৰী ষ্টাইল শাখাত ভাৰতৰ জ্যোতি বেৰৱালে সোণৰ পদক অৰ্জন কৰিছে। কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত জ্যোতিয়ে ইউক্রেইনৰ মাৰিয়া অলেভিছক পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। ইয়াৰ পূৰ্বে খেলুৱৈগৰাকীয়ে মংগোলীয়া, চীন আৰু তুৰস্কৰ প্ৰতিদ্বন্দ্বিক পৰাস্ত কৰিছিল। ২০ বছৰ অনুৰ্ধৰ এই বিশ্ব চেম্পিয়নশ্বিপৰ মহিলাৰ ৭৬ কিলোগ্রাম ওজন শাখাত এয়া হৈছে ভাৰতৰ একেৰাহে দ্বিতীয়টো খিতাপ । ইয়াৰ পূৰ্বে যোৱা বছৰ প্ৰিয়া মালিকে এই শিতাপন অৰ্জন কৰিছিল। একেটা শাখাতে ভাৰতৰ আন দুগৰাকী মল্লযোদ্ধাই আৰু দুটা পদক অৰ্জন কৰিছে। ৫৯ কিলোগ্রাম ওজন শাখাত কোমল আৰু ৬৮ কিলোগ্রাম ওজন শাখাত সৃষ্টিয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। পুৰুষৰ ফ্ৰী ষ্টাইল শিতানৰ খেলসমূহো আজিৰে পৰা অনুষ্ঠিত হ’ব।
Site Admin | September 6, 2024 7:59 PM | SPORTS
স্পেইনৰ পণ্টেভেড়াত অনুষ্ঠিত ২০ বছৰ অনুৰ্ধৰ বিশ্ব মল্ল যুঁজ প্রতিযোগিতাত ভাৰতৰ জ্যোতি বেৰৱালৰ সোণৰ পদক
