মাজুলী মহাবিদ্যালয়ত কাইলৈৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ‘কিতাপ চাওঁক, কিতাপ লওঁক, কিতাপ পঢ়ক’ বিষয়বস্তুৰে আয়োজিত এই গ্ৰন্থমেলাত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ প্রকাশন প্রতিষ্ঠানে অংশ ল’ব। কাইলৈ পুৱা উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ পদ্মশ্ৰী সন্মানেৰে সন্মানিত গোপীৰাম বৰ্ণায়ন বুঢ়া ভকত আতাই বন্তি প্ৰজ্বলন কৰাৰ পাছতে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
Site Admin | April 6, 2025 9:40 PM | Majuli Book Fair
সোমবাৰৰ পৰা চাৰিদিনীয়াকৈ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলা
