সুস্থ অর্থনীতি, আন্তঃগাঁথনি আৰু বিশ্ব খ্যাতিৰে ভাৰত দ্ৰুত গতিত আগবাঢ়ি গৈছে আৰু প্ৰচুৰ সম্ভাৱনাপূর্ণ নৱপ্ৰজন্ম ভৱিষ্যতৰ নেতা হিচাপে বিকশিত কৰাৰ বাবে এটা উন্নয়নমূলক পৰিবেশৰ সৃষ্টি কৰিছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি তামিলনাডুৰ ৰাজ্যিক, কেন্দ্ৰীয় আৰু ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলৰ দুদিনীয়া বৈঠক আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এইদৰে কয়। উদ্যোগ আৰু অন্যান্য বাণিজ্যিক প্রতিষ্ঠানসমূহক উদ্দেশ্যি শ্রীধনখড়ে কয় যে তেওঁলোকে প্ৰতিষ্ঠানসমূহত গৱেষণা আৰু উন্নয়নমূলক কাম-কাজৰ বাবে উদাৰতাৰে পুঁজিৰ যোগান ধৰিব লাগে আৰু যুৱ প্ৰজন্মৰ উদ্ভাৱনী প্ৰতিভা বিকশিত কৰাৰ বাবে সুযোগ প্ৰদান কৰিব লাগে। এই ক্ষেত্ৰত প্ৰতিষ্ঠানসমূহক সদিচ্ছাৰে আগবাঢ়ি আহিবলৈও শ্রীধনখড়ে আহ্বান জনায়। বিশ্ববিদ্যালয়সমূহে অধ্যাপকসকলৰ জ্ঞান আৰু অভিজ্ঞতা আন প্ৰতিষ্ঠানসমূহৰ সৈতে ভাগ-বটোৱাৰা কৰি উচ্চ শিক্ষাৰ মান উন্নত কৰিবলৈ শ্ৰীধনখড়ে ইচ্ছা প্ৰকাশ কৰে। উপ-ৰাষ্ট্ৰপতি শ্রীধনখড়ে কয় যে ছাত্র-ছাত্ৰীৰ গৱেষণাপত্ৰৰ বিশ্বব্যাপী আকর্ষণ থাকিব লাগে যাতে ইয়াৰ দ্বাৰা সমাজ আৰু বিশ্বৰ উপকাৰ সাধন হয়। গুণগত শিক্ষাৰ বাবে ব্যয়সাধ্যতা আৰু সুলভতা চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি শ্রীধনখড়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে প্রধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতে শান্তি আৰু উন্নয়নৰ ক্ষেত্ৰত সকলোৰে সৈতে থিয় দিয়া এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে তিনিদিনীয়া ভ্রমণসূচীৰে তামিলনাডুত উপস্থিত হোৱা উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যখনৰ মুৰুমালাই ব্যাঘ্ৰ প্ৰকল্প আৰু হাতী শিবিৰো পৰিদৰ্শন কৰাৰ কথা আছে। অহা ২৭ এপ্রিলত দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে তেওঁ কইম্বাটোৰৰ তামিলনাড়ু কৃষি বিশ্ববিদ্যালয়ত আয়োজিত কৃষি সন্মিলনতো অংশগ্ৰহণ কৰিব।
Site Admin | April 25, 2025 9:23 PM | Akashvani Guwahati | Jagdeep dhankher | VP India
সুস্থ অর্থনীতি, আন্তঃগাঁথনি আৰু বিশ্ব খ্যাতিৰে ভাৰত দ্ৰুত গতিত আগবাঢ়ি গৈছেঃ উপ-ৰাষ্ট্ৰপতি
