ডাউনলোড
মোবাইল এপ

android apple
signal

April 17, 2025 10:45 AM | Assam Bihu

printer

সাদিনীয়া ৰঙালী বিহুৰ চতুৰ্থ দিনটো তাঁতৰ বিহু হিচাপে পালন

ৰাজ্যজুৰি ৰঙালীৰ উছাহ অব্যাহত আছে। অসমবাসীয়ে আজি সাদিনীয়া ৰঙালী বিহুৰ চতুৰ্থ দিনটো তাঁতৰ বিহু হিচাপে পালন কৰিব। ৰঙালী বিহুৰ পৰম্পৰা অনুসৰি সাত বিহুৰ অন্যতম হ’ল তাঁতৰ বিহু। অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশালৰ গুৰুত্বক অনুধাৱনেৰে ৰঙালী বিহুৰ চতুৰ্থ দিনা তাঁতৰ বিহু পালন কৰি অহা হৈছে। কাইলৈ নাঙল বিহু, পৰহিলৈ জীয়ৰী বা চেনেহী বিহু আৰু দেওবাৰে চেৰাবিহু পালন কৰা হ’ব। অৱশ্যে, ঠাই বিশেষে সাদিনীয়া বিহুৰ প্ৰতিটো দিনৰে নামৰ ক্ষেত্ৰত কিছু বৈসাদৃশ্য আছে। সাদিনীয়া বিহুৰ শেষৰটো দিনত বিভিন্ন অঞ্চলত বিহু ভঙা উৎসৱ, পাৰতোলা বা ভঠেলী পালন কৰা হ’ব। ৰাজ্যৰ প্ৰান্তে প্রান্তে আয়োজন কৰা মঞ্চ বিহু অনুষ্ঠানসমূহত হুঁচৰি, বিহুনাচ, লোক কৃষ্টিৰ বিভিন্ন অনুষ্ঠানৰ লগতে জনপ্ৰিয় সংগীত শিল্পীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অগণন লোকৰ সমাগম হৈছে।

অধিক পঢ়ক

সকলো চাওক