সমগ্ৰ দেশত আজি নৱম শিখগুৰু টেগবাহাদুৰৰ শ্বহীদ দিৱস পালন কৰা হৈছে। ১৬৭৫ চনৰ আজি দিনটোতে গুৰু টেগবাহাদুৰে ধৰ্ম, মানৱীয় প্ৰমূল্য আদৰ্শ আৰু নীতি ৰক্ষাৰ বাবে জীৱন বলিদান দিছিল। গুৰু টেগ বাহাদুৰৰ বলিদানৰ এই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয় । ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গুৰু টেগবাহাদুৰৰ শ্বহীদ দিৱস উপলক্ষে শিখ গুৰুগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বার্তা যোগে কৈছে যে, টেগবাহাদুৰে মানৱতা আৰু ধৰ্ম ৰক্ষাৰ নামত প্ৰাণ আহুতি দিছিল। তেওঁ কয়, যে তেওঁ এগৰাকী মহান আধ্যাত্মিক গুৰু আৰু প্ৰকৃত দেশপ্রেমীক আছিল। তেওঁ মৰম, স্নেহ আৰু এককতাৰ প্ৰসাৰৰ বাবে কাম কৰিছিল আৰু জনসাধাৰণক সত্য আৰু ন্যায়ৰ বাবে যুঁজ দিবলৈ অনুপ্রাণিত কৰিছিল বুলি ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে জনসাধাৰণক গুৰু টেগবাহাদুৰৰ শিকণিসমূহ আঁকোৱালি ল’বলৈ আৰু নিজৰ জীৱনত তেওঁৰ মহান আদৰ্শৰাজি অনুসৰণ কৰিবলৈ আহ্বান জনায়।
Site Admin | November 24, 2024 11:19 AM | guru-teg-bahadur
সমগ্ৰ দেশত নৱম শিখগুৰু টেগবাহাদুৰৰ শ্বহীদ দিৱস পালন
