সদৌ তিৱা ছাত্ৰ সন্থাই দ্বাদশ ত্রিবার্ষিক সাধাৰণ অধিৱেশনৰ সামৰণি

মৰিগাঁও জিলাৰ জাগীৰোডৰ ডাবঘাটত দুদিনীয়াকৈ অনুষ্ঠিত সদৌ তিৱা ছাত্ৰ সন্থাই দ্বাদশ ত্রিবার্ষিক সাধাৰণ অধিৱেশনৰ আজি সামৰণি পৰিছে। এই অধিৱেশনত ছাত্ৰ সংগঠনটোৰ পৰৱৰ্তী তিনিটা বৰ্ষৰ বাবে প্ৰশান্ত কোঁৱৰক সভাপতি আৰু তৰুণ মাডাৰক সম্পাদক হিচাপে লৈ ২১ জনীয়া নতুন সমিতিখন গঠন কৰা হয়। এই অধিৱেশনত তিৱা জনগোষ্ঠীক ষষ্ঠ অনুসূচিভুক্ত স্বায়ত্ত শাসন প্রদান, জনজাতীয় বেল্ট আৰু ব্লকসমূহ সংৰক্ষিত কৰি ভূমি অধিকাৰ প্ৰদানকে ধৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।