ডাউনলোড
মোবাইল এপ

android apple
signal

সংসদত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাটো সামাজিক ন্যায়ৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপঃ প্রধানমন্ত্ৰী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাটো সামাজিক ন্যায়ৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰিছে। শ্রীমোদীয়ে মুছলমান সম্প্রদায়কে ধৰি সকলো সম্প্ৰদায়ৰ হিত সাধনৰ বাবে এখন উল্লেখনীয় আইন প্ৰৱৰ্তনৰ বাবে সংসদক অভিনন্দন জনায়। এটা ব্যক্তিগত সংবাদ মাধ্যমে আয়োজন কৰা এটা অনুষ্ঠানত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে কয়, যে এতিয়াৰে পৰা মুছলমান সম্প্ৰদায়ৰ দুখীয়া লোকসকলৰ উপৰি মুছলমান মহিলা বিশেষকৈ স্বামীহাৰা আৰু বিবাহ বিচ্ছেদিত মহিলাসকলৰ আৰ্থ-সামাজিক স্থিতিৰ উন্নয়নৰ জৰিয়তে মহিলা আৰু শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰা হ’ব। শ্রীমোদীয়ে কয়, যে ৱাকফ বিধেয়ক সন্দৰ্ভত সংসদত দুয়োখন সদনত হোৱা আলোচনা আছিল ভাৰতৰ সংসদীয় ইতিহাসৰ দ্বিতীয় দীর্ঘতম আলোচনা। তেওঁ উল্লেখ কৰে যে ইয়াৰ বাবে

যুটীয়া সংসদীয় সমিতিয়ে ৩৮ খন বৈঠক অনুষ্ঠিত কৰি মুঠ ১২৮ ঘণ্টা এই সন্দৰ্ভত বিচাৰ বিবেচনা কৰিছিল। এইক্ষেত্ৰত সমগ্ৰ দেশৰ পৰা প্ৰায় ১ কোটি অনলাইন পৰামৰ্শও লাভ কৰা গৈছিল

বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয়, যে ইয়াৰ জৰিয়তে ভাৰতৰ গণতন্ত্ৰ কেৱল সংসদৰ ভিতৰতে যে সীমাবদ্ধ নহয় বৰঞ্চ জনসাধাৰণৰ অংশগ্রহণে ইয়াক অধিক শক্তিশালী কৰি তুলিছে সেই কথাই প্রতিফলিত হয়।

প্রধানমন্ত্ৰী মোদীয়ে আৰু কেইবছৰমানৰ ভিতৰতে ভাৰত বিশ্বৰ পঞ্চম সর্ববৃহৎ‍ অর্থনীতি হিচাপে পৰিগণিত হ’ব বুলি উল্লেখ কৰি কয়, যে ভালেমান গোলকীয় প্ৰত্যাহ্বান থকা সত্বেও ভাৰতে উন্নয়নৰ দিশত দ্ৰুত গতিত আগবাঢ়িছে আৰু কেৱল এটা দশকৰ ভিতৰতে ইয়াৰ অৰ্থনীতি দুগুণ বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে কয়, যে চলিত বৰ্ষৰ প্ৰথম ১০০ দিনত চৰকাৰে কেৱল সিদ্ধান্ত গ্ৰহণ কৰাই নহয় বৰং ভৱিষ্যতৰ বাবে এটা শক্তিশালী আন্তঃগাঁথনি নির্মাণ কৰিছে। এই সময়ছোৱাতে ভাৰত ছেটেলাইট ডে’কিং আৰু আন ড’কিং ব্যৱস্থা থকা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈছে।
মুদ্রা যোজনা সন্দৰ্ভত শ্রীমোদীয়ে কয়, যে এই আঁচনিয়ে কোনো বন্ধকী দাবী নকৰাকৈ জনসাধাৰণৰ বিশ্বাস জয় কৰিছে। এই আঁচনিয়ে ১১ কোটি লোকক প্ৰথমবাৰৰ বাবে স্ব-নিয়োজনৰ ক্ষেত্ৰত ঋণ প্ৰদান কৰি তেওঁলোকক একোজন উদ্যোগীলৈ পৰিণত কৰিছে বুলি তেওঁ লগতে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক