June 5, 2024 7:48 PM | Highest Vote

printer

শোণিতপুৰ আসনত বিজেপিৰ ৰঞ্জিত দত্তৰ সৰ্বাধিক ৬০.২ শতাংশ ভোট লাভ

লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি অসমৰ ১৪ খন আসনৰ ভিতৰত শোণিতপুৰ আসনখনত বিজেপিৰ ৰঞ্জিত দত্তই মুঠ গৃহীত ভোটৰ সৰ্বাধিক ৬০.২ শতাংশ লাভ কৰে। কংগ্ৰেছ দলৰ ৰকিবুল হুছেইনে মুঠ গৃহীত ভোটৰ ৫৯.৯৯ শতাংশ লাভ কৰে। শিলচৰ সমষ্টিত বিজেপিৰ পৰিমল শুক্লবৈদ্যই ৫৯.৮৯ শতাংশ ভোট লাভ কৰিছে। ইপিনে, বৰপেটা লোকসভা সমষ্টিত অসম গণ পৰিষদ দলৰ ফণীভূষণ চৌধুৰীয়ে মুঠ গৃহীত ভোটৰ ৫১.০২ শতাংশ লাভ কৰিছে। প্ৰাৰ্থীৰ্গৰাকীয়ে তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ দলৰ দ্বীপ বায়নৰ বিৰুদ্ধে ২ লাখ ১৮ হাজাৰৰো অধিক সংখ্যক ভোটত জয়লাভ কৰিছে। নগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়ে ৫০.৮৯ শতাংশ, কাজিৰঙা সমষ্টিত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছাই ৫৫.০৪ শতাংশ, যোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে মুঠ গৃহীত ভোটত ৫৪.০৪ শতাংশ, লখিমপুৰ সমষ্টিত প্ৰদান বৰুৱাই ৫৪.৭৫ শতাংশ, দৰং-ওদালগুৰিত দিলীপ শ‍ইকীয়া ৪৭.৯৫, কৰিমগঞ্জত কৃপানাথ মল্লাই ৪৭.৫৩, কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে ৩৯.৩৯, ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালে ৫৪.২৭, ডিফুত বিজেপিৰ অমৰসিং টিছুৱে ৪৯.০১ শতাংশ ভোট লাভ কৰি জয়লাভ কৰিছে। ইপিনে, সামগ্ৰিকভাৱে মুঠ গৃহীত ভোটৰ ভিতৰত বিজেপিয়ে ৩৭.৪৩ আৰু কংগ্ৰেছে ৩৭.৪৮ শতাংশ ভোট লাভ কৰিছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। একেদৰে দেশত বিজেপিয়ে সামগ্রিকভাৱে ৩৬.৫৬ শতাংশ, কংগ্ৰেছে ২১.১৯, সমাজবাদী পার্টীয়ে ৪.৫৮, তৃণমূল কংগ্ৰেছে ৪.৫৭, তেলুগু দেশম পাৰ্টীয়ে ১.৯৮ আৰু জনতা দল ইউনাইটেডে ১.২৫ শতাংশ ভোট লাভ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।