শুল্ক বিভাগৰ গুৱাহাটী মণ্ডলৰ দলে গোপন সূত্ৰৰ পম খেদি বৰাগাঁৱৰ এটা প্ৰতিষ্ঠানত অভিযান চলাই আজি ৫৩৬ কার্টন বিদেশী চিগাৰেট জব্দ কৰিছে। জব্দ কৰা চিগাৰেটখিনিৰ বজাৰ মূল্য ৩০ লাখ ৭৯ হাজাৰ টকা হ’ব বুলি অনুমান কৰা হৈছে। শুল্ক বিভাগে প্ৰকাশ কৰা মতে চিগাৰেটখিনি প্রতিষ্ঠানটোৰ পুৰণি আলমিৰা, ৱাশ্বিং মেচিন আৰু এটা বিকল হোৱা ফ্ৰিজৰ ভিতৰত ভৰাই ৰখা হৈছিল। শুল্ক বিভাগে মুঠ এক লাখ ৭ হাজাৰ ২০০টা চিগাৰেট জব্দ কৰে। এই সন্দৰ্ভত বিভাগে তদন্ত অব্যাহত ৰাখিছে।
Site Admin | July 2, 2024 7:54 PM | Akashvani | Akashvani News
শুল্ক বিভাগৰ গুৱাহাটী মণ্ডলে বৰাগাঁৱৰ এটা প্ৰতিষ্ঠানত অভিযান চলাই ৫৩৬ কার্টন বিদেশী চিগাৰেট জব্দ কৰে
