যোৰহাটৰ পৰা মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য ৩০ শতাংশৰো অধিক সম্পূৰ্ণ হৈছে আৰু এই দলংখনৰ বাবে এতিয়ালৈ প্ৰায় ২৮০ কোটি ৬৬ লাখ টকা ব্যয় কৰা হৈছে। লোকনিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত বিধায়ক ভৰত চন্দ্ৰ নৰহৰ এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই দলং নির্মাণ প্রকল্পৰ বাবে ৯২৫ কোটি ৪৭ লাখ টকা ব্যয়ৰ অনুমোদন জনোৱা হৈছিল যদিও এতিয়া এই ব্যয়ৰ প্ৰস্তাৱিত পৰিমাণ সংশোধিত কৰি ১,২৭৯ কোটি ৮৮ লাখ টকালৈ বৃদ্ধিৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে ২০২১ চনৰ শেষৰ ফালে দলংখন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল যদিও এই কাম মাজতে বন্ধ আছিল। যোৱা বছৰৰ ছেপ্তেম্বৰত দলংখনৰ কাম পুনৰ আৰম্ভ কৰা হয়।
Site Admin | March 4, 2025 9:54 AM | Akashvani Guwahati | Assam Assembly | CM Himanta Biswa Sarma | CMO Assam | Jorhat Majuli Bridge
যোৰহাটৰ পৰা মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য ৩০ শতাংশৰো অধিক সম্পূৰ্ণ হৈছে: মুখ্যমন্ত্রী
