ডাউনলোড
মোবাইল এপ

android apple
signal

November 27, 2024 7:29 AM | PM Constitution Day

printer

যিকোনো সন্ত্রাসবাদী সংগঠনক যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সুৰক্ষাক প্ৰত্যাহ্বান জনোৱা যিকোনো সন্ত্রাসবাদী সংগঠনক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ ভাৰতৰ সংকল্পৰ বিষয়ে সজোৰে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ উচ্চতম ন্যায়ালয়ত কালি সংবিধান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতে গণতন্ত্ৰৰ এই গুৰুত্বপূৰ্ণ উৎসৱ পালন কৰাৰ এই দিনটোতে যে মুম্বাই সন্ত্রাসবাদী আক্রমণ সংঘটিত হৈছিল সেই কথাও কেতিয়াও পাহৰিব নোৱাৰে। তেওঁ এই আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে সংবিধানখন দেশৰ আশা-আকাংক্ষা আৰু আৱশ্যকতাৰ দিশৰ পৰা সফল হৈছে আৰু ই নাগৰিকসকলৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰি আহিছে। সংবিধানখন ৰাষ্ট্ৰৰ বৰ্তমান আৰু ভৱিষ্যতৰ পথ প্ৰদৰ্শক বুলি শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ কয়, যে বিগত ৭৫ বছৰত যেতিয়াই কোনো প্ৰত্যাহ্বানৰ উদ্ভৱ হৈচছে তেতিয়াই সংবিধানখনে সেই প্ৰত্যাহ্বানৰ সমাধানৰ বাবে সঠিক পথৰ সন্ধান দিছে। তেওঁ লগতে কয়, যে এই ৭৫ বছৰীয়া সময়ছোৱাত জৰুৰীকালীন অৱস্থাৰ দৰে সময়ো আহিছে আৰু সংবিধানখনো এই প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। সংবিধানৰ শক্তিৰ বাবে ইয়াক জম্মু-কাশ্মীৰত সম্পূৰ্ণ ৰূপে ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে এইবেলি প্ৰথমবাৰৰ বাবে অঞ্চলটোত সংবিধান দিৱস উদযাপন কৰা হৈছে। তেওঁ কয় যে ভাৰত আমূল পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ পৰ্যায়ৰ মাজেৰে অগ্ৰসৰ হৈছে আৰু সংবিধানে আমাক আগুৱাই যোৱাত সহায় কৰিছে। শ্রীমোদীয়ে কয় যে দেশে জনসাধাৰণৰ জীৱন সূচল কৰি তোলাত গুৰুত্ব আৰোপ কৰি আহিছে। জনসাধাৰণৰ জীৱন সূচল কৰি তোলাৰ বাবে লোৱা ব্যৱস্থাৰ উদাহৰণ দি শ্রীমোদীয়ে কয় যে পূৰ্বতে জ্যেষ্ঠ নাগৰিকসকলে পেন্সন লাভৰ বাবে জীৱন প্ৰমাণ-পত্ৰ দাখিল কৰিবলৈ বেংকলৈ যাবলগীয়া হৈছিল যদিও সম্প্ৰতি তেওঁলোকে নিজৰ ঘৰৰ পৰাই ডিজিটেল জীৱন প্ৰমাণপত্ৰ দাখিলৰ সুবিধা লাভ কৰিছে। এই পদক্ষেপৰ পৰা প্ৰায় ১ কোটি ৫০ লাখ জ্যেষ্ঠ নাগৰিক উপকৃত হৈছে বুলি শ্রীমোদীয়ে জানিবলৈ দিয়ে। প্রধানমন্ত্রীয়ে কয় যে এই বছৰ ভাৰতীয় সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে আৰু এই সাফল্যক লৈ সমগ্ৰ ৰাষ্ট্ৰ গৌৰৱান্বিত। এই উপলক্ষে প্রধানমন্ত্রী মোদীয়ে ভাৰতীয় ন্যায়পালিকাৰ ২০২৩-২৪ বাৰ্ষিক প্ৰতিবেদন জাৰি কৰে।

অধিক পঢ়ক

সকলো চাওক