মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি কাৰ্বি আংলং জিলাৰ ডিফুত ১০০ কোটি টকা ব্যয়সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্রকল্পসমূহৰ ভিতৰত কেইবাটাও পথ উন্নয়ন প্রকল্প, প্ৰতিমূৰ্তি, তোৰণ উন্মোচন আৰু দলং নিৰ্মাণ প্রকল্প অন্যতম। মুখ্যমন্ত্ৰীগৰাকীয়ে ডিফুত প্ৰথমগৰাকী কাৰ্বি ৰজা আৰু ৰাণী ৰেংবংহমৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে পাহাৰীয়া জিলাখনলৈ যোৱা মুখ্যমন্ত্ৰী শৰ্মাই লৰেন্যু ৰেঙমা গাঁও সমিতিৰ সভাপতি আৰু গাঁও প্ৰধানক সাক্ষাৎ কৰি ৰেঙমা সম্প্ৰদায়ৰ উন্নয়ন আৰু সৰ্বাংগীন বিকাশ সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পূৰ্বে তেওঁ ডিফুৰ তাৰালাংছ’ৰ কাজিৰ ৰংহাংপী অতিথিশালাত ভৈয়ামৰ কাৰ্বি সংগঠনসমূহৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অঞ্চলটোৰ সামগ্রিক উন্নয়ন আৰু স্থায়ী শান্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰি কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। ড° শৰ্মাই তাৰালাংছ’ত জিলাখনৰ পূৰ্বৰ সশস্ত্র সংগঠন পি ডি চি কে, কে এল এন এল এফ, কে পি এল টি ডি, কে পি এল টি আৰ, কে পি এল টি এম আৰু ইউ পি এল এৰ প্ৰাক্তন সদস্যসকলৰ সৈতেও বৈঠকত মিলিত হয়। এই সংগঠনসমূহে ২০২১ চনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে ঐতিহাসিক শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল। সংগঠন কেইটাৰ প্রাক্তন সদস্যসকলৰ পুনৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
মুখ্যমন্ত্রী শৰ্মাই ডিফুত অংগনবাড়ী কৰ্মী আৰু শিশুসকলৰ মাজত সামগ্ৰী বিতৰণ কৰি কয়, যে অহা ১ অক্টোবৰৰ পৰা অংগনৱাড়ী কৰ্মীৰ দৰমহা বৃদ্ধিৰ লগতে তেওঁলোকক এককালীন সাহায্য আগবঢ়োৱাৰ পৰিকল্পনা কৰা হৈছে। শিশুসকলক উচ্চ শিক্ষাৰে শিক্ষিত কৰিবলৈ হ’লে অংগনৱাড়ী কেন্দ্ৰৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে হাইস্কুল শিক্ষান্ত আৰু স্নাতক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থীসকলৰ কাৰণেও কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কালি ডিফুত ঘোষণা কৰে । মুখ্যমন্ত্ৰীৰ ভ্ৰমণসূচীৰ আজি দ্বিতীয় দিনা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এখন পৰ্যালোচনা সভাত ড০ শৰ্মাই অংশগ্ৰহণ কৰিব।
Site Admin | April 18, 2025 10:48 AM | CM Karbi Anglong Visit
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ দুদিনীয়া কাৰ্বি আংলং জিলা ভ্ৰমণ
