বিৰোধী নেতা মল্লিকার্জুন খাৰ্গেৰ বিৰুদ্ধে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে উত্থাপন কৰা ভূমি বেদখল অভিযোগৰ প্ৰতিবাদত ৰাজ্যসভাৰ বিৰোধী পক্ষৰ সদস্যসকলে আজি সদন ত্যাগ কৰে। আজি পুৱা সদন মিলিত হোৱাৰ সময়তে শ্ৰী খাৰ্গেই কয়, যে বিজেপিৰ নেতাজনে উত্থাপন কৰা এই ভিত্তিহীন অভিযোগে তেওঁৰ ভাৱমূৰ্তি ম্লান কৰিছে। শ্রী ঠাকুৰে কালি লোকসভাত প্ৰকাশ কৰা এই মন্তব্যৰ বাবে বিৰোধী পক্ষৰ নেতাগৰাকীয়ে তেওঁক ক্ষমা খুজিবলৈ দাবী জনায়। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে কয়, যে সদন বিবেচনাহীন তথ্য দাখিলৰ কেন্দ্ৰ নহয় আৰু দশক দশক জোৰা সাধনাৰে অৰ্জন কৰা সুনাম কোনোবাই পোনছাটেই বিনষ্ট কৰিব, সেয়া হ’ব নোৱাৰে। তেওঁ লগতে কয়, যে সদনৰ কাৰ্য বিৱৰণীৰ পৰা বাদ দিয়া বিষয় এটা পুনৰ আলোচনা কৰা উচিত নহয়। শ্রী ধনখড়ে এই সন্দৰ্ভত এটা উপযুক্ত ব্যৱস্থা উদ্ভাৱন কৰিবলৈ সদনৰ নৈতিকতা সমিতিৰ অধ্যক্ষ ঘনশ্যাম তিৱাৰীক আহ্বান জনায়। এই সন্দৰ্ভত তেওঁ আৰু কয়, যে প্ৰধানমন্ত্ৰী, সদনৰ নেতা, বিৰোধী পক্ষৰ নেতা আৰু প্ৰতিগৰাকী সদস্য নিজাববীয়া সুনামৰ অধিকাৰী। সভাপতিগৰাকীৰ এনে মন্তব্যৰ পাছতেই কংগ্ৰেছ, টি এম চি, ডি এম কে আৰু অন্যান্য দলৰ সদস্যসকলে সদন ত্যাগ কৰে৷ একেদৰে, লোকসভাতো কেৰালাৰ কংগ্ৰেছ সাংসদ আন কেইবাগৰাকীও বিৰোধী পক্ষৰ সদস্যই আজি সদন ত্যাগ কৰে। সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে আক্ৰমণৰ প্ৰতিবাদত তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত কংগ্ৰেছ নেতা কে চি বেণুগোপালে জববলপুৰত সংঘটিত এটা দুৰ্ভাগ্যজনক ঘটনাৰ বিষয়ে উল্লেখ কৰি কয়, যে এই ঘটনাত দুজন পিতৃক এটা উন্মত্ত দলে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। এই ঘটনাৰ বাবে তেওঁ বিজেপিক দোষাৰোপ কৰে।
Site Admin | April 3, 2025 5:34 PM | Akashvani News | Parliament House | Parliament Session
মল্লিকার্জুন খাৰ্গেৰ বিৰুদ্ধে সাংসদ অনুৰাগ ঠাকুৰে উত্থাপন কৰা ভূমি বেদখল অভিযোগৰ প্ৰতিবাদত ৰাজ্যসভাৰ বিৰোধী পক্ষৰ সদস্যসকলৰ সদন ত্যাগ
