ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতীয় জনতা পাৰ্টীৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ভাৰতীয় জনতা পাৰ্টীৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দলৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক কাৰ্যালয়ত উদযাপন কৰা হয়। এই উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই দলীয় পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত যিসকল ব্যক্তিৰ ত্যাগ আৰু পৰিশ্ৰমৰ ফলত বিজেপি আজিৰ পৰ্যায়ত উপনীত হ’ল, সেইসকল ব্যক্তিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই বিজেপিৰ অতীত ৰোমন্থন কৰে। তেওঁ কয়, যে দেশৰ ২১ খন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰ দলে শাসন কৰাৰ লগতে দেশৰ ৭০ শতাংশ ভূখণ্ডত বিজেপি মিত্ৰজোটে জনসাধাৰণক সুশাসন প্ৰদান কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে অসমকো এখন বিকশিত আৰু প্ৰগতিৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অসমৰ জনতাই দলটোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰখা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকী প্ৰতিষ্ঠা দিৱসৰ এই ক্ষণত দলটোৰ প্ৰতিগৰাকী কার্যকর্তালৈ শুভেচ্ছা জ্ঞাপন কৰে। আজিৰ এই প্রতিষ্ঠা দিৱসত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে কেইবাগৰাকীও দলৰ প্ৰাক্তন সভাপতি উপস্থিত থাকে।
আনহাতে কাছাৰ জিলাৰ শিলচৰতো বিজেপিৰ প্ৰতিষ্ঠা দিৱস উদ্যাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে বিজেপিৰ সদস্যসকলে ঘৰে ঘৰে দলীয় পতাকা উত্তোলন কৰাৰ লগতে স্বচ্ছ ভাৰত অভিযান আৰু শিলচৰ অসামৰিক চিকিৎ‍সালয়ত ৰোগীৰ মাজত ফল-মূল বিতৰণ কৰে। এই বিশেষ দিনটোত কাছাৰ বিজেপিৰ কাৰ্যালয়ত এশৰো অধিক নতুন কৰ্মীয়ে বিজেপি দলত যোগদান কৰে।

অধিক পঢ়ক

সকলো চাওক