ভাষা গৌৰৱ সপ্তাহৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ বিশেষ কাৰ্যসূচী

ৰাজ্য চৰকাৰে হাতত লোৱা ভাষা গৌৰৱ সপ্তাহৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্তই ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীৰ উদ্বোধন কৰে। উদ্বোধনী ভাষণত চৰ্যাপদৰ পৰা নৱ্য ভাৰতীয় আৰ্য ভাষালৈ অসমীয়া ভাষাৰ দীঘলীয়া পৰিক্ৰমা সন্দৰ্ভত তেওঁ বিৱৰণ দাঙি ধৰে। ভাষণ প্ৰসংগত তেওঁ অসমীয়া ভাষাৰ চৰ্চা, গৱেষণা ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই থৈ যোৱা ভাষাবিদ পণ্ডিতসকলক স্মৰণ কৰে। অনুষ্ঠানত অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা চাৰিগৰাকী বিশিষ্ট ব্যক্তি ক্রমে অসম প্ৰকাশন পৰিষদৰ সচিব তথা খচৰা সমিতিৰ সদস্য সচিব প্ৰমোদ কলিতা, ভাস্কৰজ্যোতি শৰ্মা, বভাগ কলেজৰ অধ্যাপিকা নমিতা ডেকা আৰু বড়ো ভাষাৰ সাহিত্যিক নন্দেশ্বৰ দৈমাৰীক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি চাৰিটা বিশেষ বক্তৃতা কার্যসূচী অনুষ্ঠিত হয়। ভাষা গৌৰৱ সপ্তাহৰ সৈতে সংগতি ৰাখি কাইলৈ কেইবাটাও গুৰুত্বপূৰ্ণ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।