ডাউনলোড
মোবাইল এপ

android apple
signal

প্রবীন অভিনেতা-পৰিচালক মনোজ কুমাৰৰ অন্ত্যোষ্টিক্রিয়া কাইলৈ দিনৰ ১১ বজাত মুম্বাইৰ পৱনহংসত সম্পন্ন কৰা হ’ব

আজি পুৱা মুম্বাইত দেহাৱসান ঘটা প্রবীন অভিনেতা-পৰিচালক মনোজ কুমাৰৰ অন্ত্যোষ্টিক্রিয়া কাইলৈ দিনৰ ১১ বজাত মুম্বাইৰ পৱনহংসত সম্পন্ন কৰা হ’ব। বর্ষীয়ান অভিনেতাগৰাকীৰ বিয়োগত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ বিশিষ্ট ব্যক্তিসকলে গভীৰ শোক প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে বলিউদৰ কিংবদন্তি অভিনেতাগৰাকী তেওঁৰ দেশপ্ৰেমমূলক চলচ্চিত্ৰৰ বাবে ভাৰত কুমাৰ নামেৰে জনাজাত আছিল। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী সন্মান আৰু দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল। মনোজ কুমাৰে বলিউদত দেশপ্ৰেমমূলক চলচ্চিত্ৰৰ এটা নতুন ধাৰা সৃষ্টি কৰিছিল। উপকাৰ, পূৰৱ ঔৰ পশ্চিম আৰু ক্ৰান্তিৰ লেখীয়া কালজয়ী কথাছবিৰে প্ৰবীন অভিনেতাগৰাকীয়ে দৰ্শকৰ মন জয় কৰিবলৈ সমৰ্থ হৈছিল। অভিনেতাগৰাকীৰ আন চলচ্চিত্ৰসমূহৰ ভিতৰত পথৰ কে চনম, চৌৰ, সন্ন্যাসী আৰু ৰ’টি কপড়া ঔৰ মকান অন্যতম। ১৯৯২ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰাৰ উপৰি ২০১৫ চনত দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়৷

অধিক পঢ়ক

সকলো চাওক