ডাউনলোড
মোবাইল এপ

android apple
signal

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত সংঘটিত বোমা বিস্ফোৰণত তিনিজন আৰক্ষী কৰ্মী নিহত

পাকিস্তানৰ দক্ষিণ-পশ্চিম প্রান্তৰ বেলুচিস্তান প্ৰদেশত আজি হোৱা এটা বোমা বিস্ফোৰণত তিনিজন আৰক্ষী কৰ্মী নিহত হয় আৰু অন্য ১৬ জন আহত হয়। আহতসকলৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। মাষ্টুং জিলাৰ কুণ্ড মাছুৰী এলেকাৰ সমীপত কালাত জিলাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰৰ আৰক্ষী কৰ্মীক কঢ়িয়াই নিয়া এখন বাছত আই ই ডি বিস্ফোৰণ হোৱাৰ বাবেই এই অঘটনটো ঘটে। কর্তৃপক্ষসমূহে বিস্ফোৰণৰ তদন্ত আৰম্ভ কৰিছে। এতিয়ালৈকে কোনো সন্ত্রাসবাদী গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। পাকিস্তানৰ সৰ্ববৃহৎ অথচ, আটাইতকৈ কম জনবসতিপূর্ণ বেলুচিস্তান প্রদেশত শেহতীয়াকৈ হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে। অঞ্চলটোত বিচ্ছিন্নতাবাদী আৰু সন্ত্ৰাসবাদী গোটসমূহে সঘনাই সুৰক্ষা বাহিনীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে।

অধিক পঢ়ক

সকলো চাওক