ডাউনলোড
মোবাইল এপ

android apple
signal

পঞ্জাৱৰ জ্যেষ্ঠ কৃষক নেতা জগজিৎ সিং দালেৱালৰ অনশন ভংগ

পঞ্জাৱৰ ফতেহগড় চাহিবত জ্যেষ্ঠ কৃষক নেতা জগজিৎ সিং দালেৱালে আজি তেওঁৰ অনশন ভংগ কৰে। যদিও তেওঁ অনশন ভংগ কৰিছে, নতুন উদ্যমেৰে কৃষক আন্দোলনক নেতৃত্ব প্রদান কৰি যাব বুলি তেওঁ ঘোষণা কৰিছে। কৃষকসকলৰ দাবীসমূহ পূৰণ কৰিবলৈ তথা ন্যূনতম সমৰ্থন মূল্যৰ আইনী নিশ্চয়তা প্ৰদান কৰাৰ দাবীত যোৱা নবেম্বৰ মাহৰ পৰা কৃষক নেতাগৰাকী অনশনত বহিছিল। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কালি সামাজিক মাধ্যমৰ বাৰ্তাযোগে দালেৱালক অনশন ভংগ কৰিবলৈ আহ্বান জনাইছিল। তেওঁ লগতে কৈছে, যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আৰু কৃষক সংগঠনৰ মাজত আলোচনা চলি আছে। অহা ৪ মে’ত তেওঁলোক পূৰ্ব নিৰ্ধাৰিত বৈঠকত মিলিত হোৱাৰ কথা বুলিও মন্ত্রী চৌহানে জনাইছে। কেন্দ্ৰীয় ৰে’ল আৰু খাদ্য প্ৰসংস্কৰণ মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী ৰণবিৎ‍ সিং বিট্টুৱেও কৃষক নেতাগৰাকীক অনশন ভংগ কৰিবলৈ আহ্বান জনাইছিল।

অধিক পঢ়ক

সকলো চাওক